মহাৰাষ্ট্ৰৰ ৰাজ্যপালক লগ কৰিলে পায়ল ঘোষে

Payal Ghosh Anurag Kashyap 1200

বলিউডৰ অভিনেত্ৰী পায়ল ঘোষে বিগত সপ্তাহত অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পাছতে এই সন্দৰ্ভত মঙলবাৰে মহাৰাষ্ট্ৰৰ ৰাজ্যপালক লগ কৰে পায়ল ঘোষে আৰু ইয়াৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল’বলৈ আহ্বান জনায় ।

আনহাতে, বলিউডৰ পৰিচালকজনে উক্ত অভিযোগ নস্যাৎ কৰি কয় যে, এই অভিযোগ ভিত্তিহীন । আজি ৰাজ্যপালক কৰাৰ সময়ত অভিনেত্ৰীগৰাকীৰ লগত আছিল ৰাজ্যসভাৰ সাংসদ ৰামদাস অঠাৱলে ।

ইপিনে, দুয়োগৰাকীয়ে সোমবাৰে অভিনেত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে মুম্বাই আৰক্ষীৰ যুটীয়া অধীক্ষক বিশ্বাস নাঙ্গাৰে পাতিলক সাক্ষাত কৰে । সোমবাৰে মন্ত্ৰী ৰামদাস অঠাৱলেৰ স’তে পায়লে এক সংবাদমেল সম্বোধন কৰি কৈছিল যে, এই সময়ছোৱাত অভিনেত্ৰীগৰাকীয়ে বহু ভাবুকিৰ সন্মুখীন হৈছে ।

সেয়ে তেওঁ Y Plus সুৰক্ষাৰ দাবী কৰে । লগতে ধর্ষণত অভিযুক্ত অনুৰাগ কাশ্যপক গ্ৰেপ্তাৰ কৰাত কিয় পলম হৈছে প্ৰশ্ন কৰে অভিনেত্ৰীগৰাকীয়ে । আনহাতে, কংগনা ৰণৌটেও পৰিচালকগৰাকীৰ গ্ৰেপ্তাৰৰ দাবী কৰি টুইটাৰত এক টুইট কৰে।

Exit mobile version