জম্মু কাশ্মীৰত অনুচ্ছেদ ৩৭০ সমাপ্তিৰ পূৰ্বৰে পৰাই প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি, ফাৰুখ আব্দুলা আৰু ওমৰ আব্দুলাৰ লগতে বহু নেতাক গৃহবন্দী কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ শেহতীয়াকৈ ফাৰুখ আব্দুলা আৰু ওমৰ আব্দুলাক মুকলি কৰি দিছে চৰকাৰে ৷ কিন্তু মেহবুবা মুফতিক এতিয়াও গৃহবন্দী কৰি ৰখা হৈছে। আজি আদালতত মেহবুবা মুফতিৰ কন্যা ইল্তিজাই মাতৃৰ মুক্তিৰ কাৰণে আবেদন কৰিছে ৷
আবেদনৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে তুষাৰ মেহতাক প্ৰশ্ন কৰে যে কেতিয়ালৈকে আৰু কি আদেশৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে মুফতিক গৃহবন্দী কৰি ৰাখিব বিচাৰে ৷ আনহাতে আদালতে তুষাৰ মেহতাক এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ আহ্বান কৰে ।
লগতে উচ্চতম ন্যায়ালয়ে কয় যে কাৰোবাক অধিক সময়ৰ কাৰণে গৃহবন্দী কৰি ৰাখিব নোৱাৰি ৷ এই সন্দৰ্ভত বিকল্প পথৰ সন্ধান থাকিব লাগে । দৰাচলতে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ জীয়ৰীয়ে উচ্চতম ন্যায়ালয়ত লোক সুৰক্ষা আইনৰ অধীনত গৃহবন্দীক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল । উল্লেখযোগ্য যে PDPৰ অধ্যক্ষ মেহবুবা মুফতিক জম্মু কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল কৰা পূৰ্বতে চৰকাৰে গৃহবন্দী কৰিছিল ।