মই ধূমপান কৰিছিলো কাৰণ মই মূৰ্খ আছিলোঁ” : মিলিন্দ সুমন

milind soman

অভিনেতা মিলিন্দ সুমনে ধূম্ৰপান এৰাৰ লগতে নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ নিজৰ ব্যক্তিগত যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰাৰ সিদ্ধান্ত লয় । অভিনেতাগৰাকীয়ে সোমবাৰে টুইট কৰে যে, “মই ধূমপান কৰিছিলো কাৰণ মই মূৰ্খ আছিলোঁ। এইয়া সকলো ধূমপান কৰা সকলৰ বাবে সমান নেকি?”

এজন অনুৰাগীয়ে তেঁওক প্ৰশ্ন কৰে যে, “এতিয়া আপুনি সুস্বাস্থ্যৱান কিয়নো আপুনি বুদ্ধিয়ক । এইয়া সকলোৰে বাবে সমান নেকি?” মিলিন্দে ইয়াৰ প্ৰত্যুত্তৰত কয় যে, ‘মই সকলোসময়তে ফিট আছিলো, কিন্তু বুদ্ধিমান নহয়।’ কিছু ঘন্টাৰ পাছতে পুনৰ মিলিন্দে পুৱাৰ ফিটনেছ ৰুটিনৰ এটা ভিডিঅ’ পোষ্ট কৰে। ভিডিঅ’টিত লিখে যে, “এয়া প্ৰয়োজনীয় শক্তি, নমনীয়তা, সমন্বয় আৰু ভাৰসাম্য , যিটো মই অটুট ৰখাটো খুবেই প্ৰয়োজনীয়। নিজৰ শৰীৰটো আৰামদায়কভাৱে সৰল ৰূপত আৰু কিছু কৰিব পাৰো। কিন্তু এইয়া মনোৰঞ্জনৰ কাৰণে যথেষ্ট ।”

মিলিন্দক শেহতীয়াভাৱে টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ India’s Next Top Model and Supermodel of the year ত বিচাৰকৰ ৰূপত দেখিবলৈ পোৱা গৈছিল। মিলিন্দক আমাজন প্ৰাইমৰ ৱেব চিৰিজ Four More Shots Please’ ত দেখা গৈছিল । আনহাতে, ৱেব চিৰিজখন Best Comedy series ৰ International Emmy 2020 ৰ বাবে মনোনিত হৈছিল ।

Exit mobile version