জাপানৰ এজন যুৱকে ছ’চিয়েল মিডিয়াত নজন লোকৰ লগত বন্ধুত্ব স্থাপন কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । বুধবাৰে ২৯ বৰ্ষীয় তাকাহিৰো চিৰাইচীয়ে আদালতত নিজৰ দোষ স্বীকাৰ কৰে ৷ সম্প্ৰতি তাকাহিৰোক সকলোৱে “টুইটাৰ কিলাৰ” নাম দিছে । আনহাতে তাকাহিৰোৰ অধিবক্তাই তেওঁৰ ওপৰত লগোৱা অভিযোগক কম কৰিবৰ কাৰণে আহ্বান কৰে ।কাৰণ তাকাহিৰোয়ে হত্যা কৰা সকলো লোকৰ সহমতিতহে হত্যা কৰিছে ৷ হত্যাৰ সন্মুখীন হোৱা সকলো লোকেই ছ’চিয়েল মিডিয়াত আত্মহত্যা কৰিম বুলি নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছিল ।
ইপিনে তাকাহিৰোয়ে হত্যা কৰা সকলো লোকৰ মৃতদেহসমূহ কুলাৰবক্সত ৰখাৰ অভিযোগ উত্থাপন হৈছে । আদালতত তাকহিৰোয়ে সকলো সত্য বুলি ক’লেও কিন্তু হত্যা যে তেওঁৱেই কৰিছে এই সন্দৰ্ভত স্পষ্টকৈ কোৱা নাই । সম্প্ৰতি তাকাহিৰোৰ বিৰুদ্ধে ধৰ্ষণৰ তদন্তও কৰিছ বিভাগীয় কৰ্তৃপক্ষই । উল্লেখযোগ্য যে তাকাহিৰোয়ে ছ’চিয়েল মিডিয়াত এনে কিছুমান ১৫-২৬ বছৰীয়া যুৱক-যুৱতীক বিচাৰে যিয়ে অনলাইনত নিজক শেষ কৰি দিয়াৰ প’ষ্ট আপল’ড কৰে ।
ইয়াৰ পাছতে তাকাহিৰোয়ে সেই যুৱক যুৱতীসকলৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁলোকক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহে । আৰু একেলগে মৰাৰ প্ৰতিশ্ৰুতিও দিয়ে । যদি তাকাহিৰো দোষী সাব্যস্ত হয় তেন্তে মৃত্যু দণ্ডৰ শাস্তি হ’ব পাৰে। ইফালে তাকাহিৰোৰ অধিবক্তাই তেওঁৰ শাস্তি কম কৰিবলৈ চেষ্টা কৰিছে । কাৰণ অধিবক্তাজনৰ মতে তাকাহিৰোয়ে লোকসকলক সহমতিহে হত্যা কৰিছিল । যদি এনেধৰণৰ হয় তেন্তে তাকাহিৰোৰ শাস্তি ৬ মাহৰ পৰা ৭ বছৰ পৰ্যন্ত হ’ব পাৰে।