আপুনি একাপ মূল্যবান কফিৰ বাবে চৌখিন নেকি ? যদি হয় তেন্তে এই খবৰ পঢ়াৰ পিছত আপোনাৰ মনটো নিমিষতে টেঙাই উঠিব ।কাৰণ বিশ্বৰ আটাইতকৈ মূল্যবান কফি তৈয়াৰ কৰা হয় হাতী আৰু মেকুৰীৰ গোবৰেৰে । বিশ্বৰ আটাইতকৈ মূল্যবান কফিৰ ভিতৰত এবিধ ‘কোপি লোৱাক’ কফি ।এই কফি ‘civet cat ‘ নামৰ মেকুৰীৰ মলৰ পৰা তৈয়াৰ কৰা হয় । ইয়াৰ বাবে মেকুৰীটোক কফিবীন খুওৱা হয় ।
যেতিয়া মেকুৰীটোৱে মলত্যাগ কৰে সেই মলৰ সহায়ত এই মূল্যবান কফিবিধ প্ৰস্তুত কৰা হয় ।এই কফি ১পাউণ্ডৰ মূল্য ৭,৩৫৯.৫৯ টকাৰ পৰা ৪৪,১৫৭ টকা পৰ্যন্ত । আনহাতে, ‘ব্লেল আইভৰী’ কফি উত্তৰ থাইলেণ্ডত উৎপাদন কৰা হয় ।উত্তৰ থাইলেণ্ডত উপলব্ধ ‘অৰেবিকা কফি বিন্স’ হাতীক খুৱাই দিয়া হয় ।আৰু সেই হাতীয়ে ত্যাগ কৰা গোবৰৰ পৰাই এইবিধ কফি প্ৰস্তুত কৰা হয় ।এই কফিৰ একাপৰ মূল্য ৪,২০০টকা ।এই কফি কেৱল উত্তৰ থাইলেণ্ডতে উপলব্ধ।