সন্দেহজনক নাগৰিকৰ আক্ৰমণত জামুগুৰি হাটৰ চকীঘাটত দুমাহ পূৰ্বে আৰক্ষী আৰু ৰাজহ চক্ৰ বিষয়া সহিতে ১৫জনকৈ খিলঞ্জীয়া লোক আহত হোৱাৰ পাছত আজি সেই স্থানত উপস্থিত হৈ তেজপুৰ আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । প্ৰায় ১৪ কোটি টকাৰ ব্যয়েৰে চকীঘাটত নিৰ্মাণ হ’বলগীয়া আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে । স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সন্দেহজনক নাগৰিকক উচ্ছেদ কৰি সেই স্থানত আইন মহাবিদ্যালয়ৰ স্হাপন কৰিবলৈ পাই বিজেপি চৰকাৰৰ যি জাতি মাটিৰ শ্ল’গান সেইয়া পূৰ্ণতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে ।
আনহাতে, সন্দেহজনক নাগৰিকৰ কবলৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনে মুক্ত কৰা চৰকাৰী ভূমিত ৫০টাকৈ আত্মসহায়ক গোটক কৃষি-কাৰ্যৰ বাবে আবন্টন দিয়াৰ পাছত সেইসমূহ গোটক আজি মন্ত্ৰী গৰাকীয়ে মাটি আবন্টনৰ প্ৰমাণ প্ৰত্রও প্ৰদান কৰে । দিনজোৰা কাৰ্যসূচীৰে আজি চতিয়া সমষ্টিত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে ৫৩ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা দুটাকৈ পথৰো আধাৰশিলা স্থাপন কৰে ৰঙাচকুৱাত ।
পথৰ আধাৰশিলা কৰি মন্ত্ৰী গৰাকীয়ে তেজপুৰ মিচন চাৰিআলিত চাৰিশ কোটি টকা ব্যয়ৰে শীঘ্ৰে এখন অভাৰব্ৰীজ নিৰ্মাণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলিও মন্তব্য কৰে ৷ লগতে মন্ত্ৰী গৰাকীয়ে অসমত নতুনকৈ জন্ম হোৱা আঞ্চলিক দলসমূহ একত্ৰিত হ’বলৈ আহ্বান জনায় ৷ ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীৰ লগত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, সাংসদ পল্লব লোচন দাস, বিশ্বনাথৰ বিধায়ক উৎপল দত্ত আৰু শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং উপস্থিত থাকে ।