সমষ্টিয়ে সমষ্টিয়ে চলিছে প্ৰাৰ্থী বাছনিৰ সমীক্ষা

8ad9d777f215be1f5677858941f9f8348daae73f74185471266d972268ec0a34

অখিল গগৈৰ ‘এক দল-এক পতাকা-এক প্রতীক’ৰ গানৰ অৱসান ঘটাই অৱশেষত কৃষক মুক্তি সংগ্রাম সমিতি আৰু সহযােগী ৭০ সংগঠনে আজি ঘােষণা কৰিব প্রস্তাবিত নতুন আঞ্চলিক ৰাজনৈতিক দল । উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি সংশােধিত নাগৰিকত্ব আইন বিৰােধী সকলাে শক্তিক এখন পতাকাৰ তললৈ আহিবলৈ অখিল গগৈয়ে আহ্বান জনাই আহিছিল যদিও শেহতীয়াকৈ আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম জাতীয় পৰিষদ ভূমিষ্ঠ হােৱাৰ পাছতে সকলাে জল্পনা-কল্পনাৰ ওৰ পেলাই আজি পৃথকে কৃষক মুক্তি আৰু ৭০ সংগঠনৰ উদ্যোগত ভূমিষ্ঠ হ’ব নতুন ৰাজনৈতিক দল। আজি কৃষক মুক্তি আৰু ৭০ সংগঠনৰ সন্মিলিত প্রচেষ্টাত প্রস্তাৱিত ৰাজনৈতিক দলটো ঘােষণা কৰা হ’ব।

আনহাতে, আজি ভূমিষ্ঠ হ’ব লগা দলটোত ৰাজ্যৰ এটা শক্তিশালী জাতীয় সংগঠন আৰু এটা আঞ্চলিক দলে ঐক্যবদ্ধ আপােচবিহীন দলটোৰ অংশীদাৰ হ’ব বুলি শ‍ইকীয়াই প্রকাশ কৰে। উল্লেখ্য যে ভূমিষ্ঠ হ’ব লগা দলটোৰ নেতৃত্ব বহন কৰাৰ লক্ষ্যৰে আজি কৃষক মুক্তিৰ পৰা বিদায় লয় ইয়াৰ সভাপতি ভাস্কো ডি শইকীয়া, কার্যকৰী সভাপতি অনিল বড়াে, উপদেষ্টা হুচেইন মহম্মদকে ধৰি কে’বাজনাে নেতাই। উল্লেখ্য যে সংশােধিত নাগৰিকত্ব আইন বিৰােধী আন্দোলনৰ পটভূমিত ইতিমধ্যে আত্মপ্রকাশ হােৱা নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ভূমিষ্ঠ হ’ব লগা কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল ঐক্যবদ্ধ হ’ব নে । এতিয়াও এই প্রশ্নৰ অৱকাশ আছে ।

আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ যৌথ নেতৃত্বৰ লগতে কৃষক মুক্তি সংগ্রাম সমিতিরে বিজেপিক ৰােধ কৰিবলৈ সকলাে শক্তিক ঐক্যবদ্ধ হােৱাৰ বাবে আহ্বান জনাই আহিছে যদিও দুটাকৈ নতুন ৰাজনৈতিক দল ভূমিষ্ঠ হােৱা প্ৰসংগই সচেতন নাগৰিকক চিন্তিত কৰিছে। এই পৃথকে পৃথকে দল খুলি বিজেপিক পৰাভুত কৰাটো সম্ভৱ নেকি বুলি কৰা এক প্রশ্নৰ উত্তৰত অসম জাতীয় পৰিষদৰ শীর্ষ নেতৃত্বই ৰাজ্যবাসীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থ আপােচবিহীন সকলাে জাতীয়তাবাদী আঞ্চলিক শক্তি সময়ত ঐক্যবদ্ধ হ’ব বুলি মন্তব্য কৰে। সূত্ৰটোৱে তাপর্যপূর্ণভাৱে কয়, ‘সংগঠন এক লগ নহ’ব পাৰে, কিন্তু দল ঐক্যবদ্ধ হ’ব । এতিয়াও অসম জাতীয় পৰিষদে পূর্ণতা পোৱা নাই ।

নৱেম্বৰত পূর্ণাংগ ৰূপ পাব আৰু নিশ্চিতভাৱে জাতীয়তাবাদী ভাবধাৰাৰ সকলাে আঞ্চলিক শক্তিৰ স’তে আলােচনা হ’ব ।  কৃষক মুক্তি আৰু ৭০ সংগঠনৰ আজি ভূমিষ্ঠ হ’ব লগা দল আৰু জাতীয় পৰিষদে এই সম্পর্কত আলােচনাত বহিব । উল্লেখ্য যে ৰাষ্ট্ৰীয়তাবাদী শক্তিয়ে ৰাজ্যৰ জাতীয়তাবাদী ভাবধাৰাৰ আঞ্চলিক শক্তিসমূহ একত্রিত যাতে হ’ব নােৱাৰে তাৰ বাবে ষড়যন্ত্র ৰচনা কৰা হৈছে বুলি জাতীয় পৰিষদৰ শীর্ষ সূত্ৰই প্ৰকাশ কৰি বিজেপিক প্রতিহত কৰিবলৈ নৱেম্বৰৰ শেষৰ ফালে নাইবা ডিচেম্বৰত জাতীয়তাবাদী আঞ্চলিক শক্তিসমূহ ঐক্যবদ্ধ হৈ এখন মৰ্চা গঠন বা মিত্রতা হােৱাৰ সম্ভাৱনা অধিক বুলি সদৰী কৰে।

উল্লেখ্য যে জাতীয় পৰিষদৰ লগত জড়িত কে’বাজনাে বিশিষ্ট ব্যক্তি আৰু সংগঠনৰ নেতাই দলে স’তে কৃষক মুক্তিৰ দলটো চামিল হােৱাটো আৱশ্যক বুলি প্ৰথমৰ পৰাই মত পােষণ কৰি আহিছে। ইফালে, অসম জাতীয় পৰিষদৰ লগত ভূমিষ্ঠ হ’ব লগা কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দলৰ লগত মিত্রতা হােৱাৰ পূর্ণ সম্ভাৱনা আছে বুলি সদৰী কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্রীয় নির্ভৰযােগ্য সূত্রই । সূত্রত প্রকাশ যে কংগ্ৰেছ, এ আই ইউ ডি এফ, অজিত ভূঞাৰ লগতে জাতীয় পৰিষদে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ সম্ভাৱনা নাই। ইয়াৰ বিপৰীতে কৃষক মুক্তি, জাহ্নু বৰুৱা-অৰপ বৰবৰাৰ দলৰ লগতে অন্যান্য জনগােষ্ঠীসমূহক লৈ যে এক মিত্রজোট গঠনৰ পূর্ণ সম্ভাৱনা আছে ।

ইফালে, বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে সমষ্টিয়ে সমষ্টিয়ে দলৰ ভেটি শক্তিশালী কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে দলৰ প্রতীক আৰু নির্বাচন আয়ােগৰ পঞ্জীয়নৰ ক্ষেত্ৰত সকলাে কাম অগ্রগতি লাভ কৰা হৈছে বুলি পৰিষদৰ শীর্ষ সূত্রই সদৰী কৰি অভিজ্ঞ লােকৰ দ্বাৰা সমষ্টিয়ে সমষ্টিয়ে সমীক্ষা অব্যাহত ৰখা বুলি কয়। লােকসকলৰ সমীক্ষাৰ ভিত্তিতেই কোনটো সমষ্টিত জাতীয় পৰিষদে প্রার্থী থিয় কৰােৱাব আৰু কাক দিব ঠিৰাং কৰা হ’ব বুলি প্ৰকাশ কৰে।

Exit mobile version