লোন লোৱাসকলৰ কাৰণে কেন্দ্ৰৰ বিশেষ সকাহ

supreme court

কৰ’না ভাইৰাছৰ মাজতে লোন লোৱা লোকসকলৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বিশেষ ৰেহাই প্ৰদান কৰিছে ৷চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি কয় যে MSME ঋণ,শৈক্ষিক,গৃহ,উপভোক্তা আদি লোনৰ চক্ৰবৃদ্ধি সুত ৰেহাই দিয়া হ’ব ৷

চৰকাৰে কয় যে ৬ মাহৰ Moratorium সময় ২ কোটি টকাৰ লোন সুত ৰেহাই দিয়া হ’ব ৷ লগতে কেন্দ্ৰীয় চৰকাৰে কয় যে লোনৰ ক্ষেত্ৰত উপযুক্ত অনুদানৰ কাৰণে সংসদত অনুমতি বিচৰা হ’ব ৷

উল্লেখযোগ্য যে কেন্দ্ৰই এক বিশেষ পেনেলৰ আহ্বানৰ পাছত সুত ৰেহাই নিদিয়াৰ সিদ্ধান্তক সলনি কৰে ।উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক লোন লোৱাসকলৰ সহায় কৰাৰ নিৰ্দেশৰ পাছত ৰাজীৱ মহৰ্ষিৰ অধ্যক্ষতাত এখন পেনেল গঠন কৰিছিল ।কেন্দ্ৰীয় চৰকাৰে পূৰ্বতে কৈছিল যে সুত মাফ কৰিব নোৱাৰে ৷কাৰণ ইয়াৰ দ্বাৰা বেংকত প্ৰভাৱ পৰিব ৷সম্প্ৰতি এই সন্দৰ্ভত শুনানি হ’ব ৫ অক্টোবৰত।

Exit mobile version