সুশান্তৰ চৰিত্ৰ ৰূপায়ণ কৰিব মহেন্দ্ৰ সিঙে

Screenshot 1

বলিউদৰ মাদক-কাণ্ডত নাম সাঙোৰ খােৱাত নার্ক’টিক্স কন্ট্রোল ব্যুৰ’ (এনচিবি)ৰ জেৰাৰ সন্মুখীন হৈছে অভিনেত্রী শ্রদ্ধা কাপুৰ। সেই অভিযুক্ত শ্রদ্ধাৰ পিতৃ শক্তি কাপুৰেই এতিয়া এনচিবিৰ বিষয়া। আনহাতে, বায়’পিকত ক্রিকেটাৰ মহেন্দ্র সিং ধােনিৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল সুশান্ত সিং ৰাজপুতে। এতিয়া সুশান্তৰ কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবিত প্রয়াত অভিনেতাজনৰ ভূমিকাত দেখা যাব মহেন্দ্র সিঙক। এই ধৰণৰ খেলি-মেলিৰেই সম্প্রতি নির্মাণ পর্ব চলি আছে আত্মহত্যা কৰা অভিনেতাজনক কেন্দ্ৰ কৰি নিৰ্মিত ছবি “ন্যায়, দ্য জাষ্টিচ”ত।

দিলীপ গুলাটিয়ে পৰিচালনা কৰা ৰাহুল শৰ্মাই প্ৰযোজনা কৰা ছবিখনৰ শিল্পী নির্বাচন সম্পূর্ণ হােৱাৰ পাছত সম্প্রতি চিত্রগ্রহণাে আৰম্ভ হৈছে। সকলাে ঠিকে থাকিলে বছৰৰ শেষত ছবিখনে মুক্তি পাব বুলি প্রযােজকৰ তৰফৰ পৰা জনাইছে। এইখন ছবিতে এজন এনচিবি বিষয়াৰ চৰিত্ৰত অভিনয় কৰি শক্তি কাপুৰে। সেইদৰে ইডি বিষয়াৰ চৰিত্ৰত অভিনয় কৰিব অমন বার্মাই। চিবিআইৰ এগৰাকী বিষয়াৰূপে অভিনয় কৰিব সুধা চন্দ্রনে। সংবাদ সংস্থাৰ খবৰ অনুসৰি, সুশান্তৰ মৃত্যু ৰহস্যৰ পৰা আৰম্ভ কৰি বলিউদৰ মাদক-যােগ আদি সকলােবােৰ ছবিত দেখা যাব প্রয়াত অভিনেতাজন।

তাৰকা হােৱাৰ আগৰ জীৱনৰ পৰা মানসিক অৱসাদ, প্রেম, মৃত্যু আদি সকলাে আছে চিত্রনাট্যত। সুশান্তৰ ঘটনাত অভিযুক্ত হৈ গ্রেপ্তাৰ হােৱা ৰিয়া চক্ৰৱৰ্তীৰ চৰিত্ৰত দেখা যাব শ্রেয়া শুক্লাক। সুশান্তৰ প্রাক্তন প্রেয়সী অংকিতা লােখণ্ডেৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্রীগৰাকীৰ নাম অৱশ্যে নির্মাতাই সদৰী কৰা নাই ৷

ইফালে, সুশান্তৰ চৰিত্ৰ ৰূপায়ণ কৰিব টেলিভিছিনৰ অভিনেতা জুবেইৰ খানে । তেওঁক ‘নাগিন ৩’, ‘মনমােহিনী’ আদি ধাৰাবাহিকত দর্শকে আঁকোৱালি লৈছে । সুশান্তৰ যিহেতু সৰুপৰ্দাৰ পৰাই উত্থান ঘটিছিল, সেয়ে পৰিচালকে তেওঁৰ চৰিত্ৰৰ বাবে সৰু পৰ্দাৰ পৰিচিত মুখকে বাছি লৈছে । সূত্রই জনােৱা মতে, ইতিমধ্যে নির্মাতাই সুশান্ত আৰু ৰিয়াৰ নাম চিত্রনাট্যত সলনি কৰি ৰাখিছে মহেন্দ্র সিং আৰু উর্বশী ।

Exit mobile version