ধৰ্ষণ প্ৰতিৰোধ কৰিবলৈ হ’লে যুৱতীক সুশিক্ষা দিব লাগিবঃবিতৰ্কিত মন্তব্য বিজেপি বিধায়কৰ

bjp mla

 

সৰুৰে পৰা সুশিক্ষাৰে কন্যা সন্তানক ডাঙৰ দীঘল কৰিলেহে ধৰ্ষণৰ ঘটনা প্ৰতিৰোধ সম্ভৱ হ’ব ৷উত্তৰ প্ৰদেশৰ হাথৰছৰ দলবদ্ধ ধৰ্ষণ-হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিলে বিজেপিৰ এজন বিধায়কে ।

ৰাজ্যখনৰ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে ধৰ্ষণক ঘটনা বৃদ্ধিৰ স’তে শাসন ব্যৱস্থাৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰি কয় যে পিতৃ মাতৃয়ে কন্যা সন্তানক কেনে সংস্কাৰেৰে ডাঙৰ দীঘল কৰিছে। সেয়াহে গুৰুত্বপূৰ্ণ কথা ৷”বিধায়ক হোৱাৰ লগতে মই এজন শিক্ষকো ৷

এই ধৰণৰ ঘটনা ৰোধ কৰিবলৈ হ’লে যুৱতীসকলক সুশিক্ষা দিব লাগিব ।সুশাসন আৰু ক্ষমতা প্ৰদৰ্শনৰ জৰিয়তে এনে ঘটনা প্ৰতিৰোধ কৰা সম্ভৱ নহয় ৷ ধৰ্ষণ ৰোধ কৰাটো যিদৰে চৰকাৰৰ ধৰ্ম,সেইদৰে পৰিয়ালৰো দায়িত্ব আছে।

চৰকাৰে নিৰাপত্তা দিব,কিন্তু কন্যাসকলক সুশিক্ষা আৰু নীতিবোধ প্ৰদান কৰাটো পৰিয়ালৰ দায়িত্ব ।সংস্কাৰ আৰু চৰকাৰ,এই দুয়ো মিলি ভাৰত আৰু সুন্দৰ হৈ উঠিব ৷ইয়াৰ বিকল্প নাই ।সিঙে এইদৰে কয় ৷

Exit mobile version