লোকসভাত ৰিয়া চক্ৰৱৰ্তীক মুকলি দাবী কৰিলে কংগ্ৰেছৰ নেতা অধিৰ ৰঞ্জন চৌধুৰীৰ

WhatsApp Image 2020 10 05 at 7.24.32 PM

লোকসভাত কংগ্ৰেছৰ নেতা অধীৰ চৌধুৰীয়ে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীক অনতিপলমে মুকলি কৰি দিয়াৰ দাবী কৰিছে ৷ ইয়াৰ পাছত বলীউডৰ সততে চৰ্চাত থকা অভিনেত্ৰী স্বৰা ভাস্কৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । স্বৰাই ৰিয়া চক্ৰৱৰ্তীৰ মুকলিৰ দাবীত অধীৰ ৰঞ্জন চৌধুৰীৰ দাবীক প্ৰশংসা কৰিছে ৷ স্বৰাই টুইটাৰ জৰিয়তে কয় “Well Done Sir” ৷ সম্প্ৰতি স্বৰা ভাস্কৰৰ এই টুইটটো যথেষ্ট চৰ্চা লাভ কৰিছে ।

অধীৰ ৰঞ্জন চৌধুৰীয়ে টুইটাৰ জৰিয়তে কয় “আমি সকলো অভিনেতা সুশান্তৰ মৃত্যুত অত্যন্ত দুখী । কিন্তু এগৰাকী মহিলাক অভিযুক্তৰ ৰূপত সজাই সুশান্তক সন্মানিত কৰিব পৰা নাযায় । মই প্ৰথমতেই কৈছিলো ৰিয়া চক্ৰৱৰ্তী এগৰাকী নিৰ্দোষী মহিলা ৷ তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলী হৈছে ।”

উল্লেখযোগ্য যে শেহতীয়াকৈ AAIMS ৰ এক পেনেলে সদৰী কৰে যে অভিনেতা সুশান্ত সিং ৰাজপুতক হত্যা কৰা নাছিল । তেওঁ আত্মহত্যাহে কৰিছিল ৷ AIIMS ৰ এক বিশেষ সূত্ৰৰ মতে পেনেলে পৰিয়াল আৰু বন্ধুসকলৰ সুশান্তক হত্যা কৰা অভিযোগক খাৰিজ কৰে । ৩৪ বছৰীয়া বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মুম্বাইস্থিত বাসগৃহত ১৪ জুনত মৃতদেহ পোৱা গৈছিল ৷ ইয়াৰ পাছতে মুম্বাইৰ পুলিছে সুশান্তে আত্মহত্যা কৰিছিল বুলি প্ৰকাশ কৰিলেও ছ’চিয়েল মিডিয়াত অভিনেতাজনৰ অনুৰাগী আৰু পৰিয়ালে এয়া হত্যা বুলি অভিযোগ কৰিছিল । সুশান্তক ন্যায় দিয়াৰ কাৰণে চলোৱা অভিযান আৰু পৰিয়ালৰ সন্দেহৰ পাছত এই সমগ্ৰ ঘটনাটো তদন্তৰ কাৰণে CBI ৰ হাতত দিয়া হয় ।

সূত্ৰৰ মতে AIIMSৰ পেনেলে তদন্ত সম্পূৰ্ণ কৰিছে ৷ সম্প্ৰতি CBIয়ে AIIMS ৰ প্ৰতিবেদনৰ লগত নিজৰ প্ৰতিবেদন সংলগ্ন কৰি তদন্ত আগবঢ়াব পাৰে ৷ ইপিনে মুম্বাই পুলিছে এইয়া আত্মহত্যা বুলি ধৰি লৈ তদন্ত আগবঢ়াব ৷ উল্লেখযোগ্য যে সুশান্তৰ আত্মহত্যা আৰু মাদকদ্ৰব্য সৰবৰাহৰ অভিযোগত অভিযুক্ত গাৰ্লফ্ৰেণ্ড ৰিয়া এতিয়াও কাৰাগাৰত ৷ আনহাতে মাদকদ্ৰব্য সৰবৰাহ আৰু সেৱনত কেৱল ৰিয়া চক্ৰৱৰ্তীয়েই নহয় বলীউডৰ বহু সুন্দৰী জড়িত আছে ৷ এই সন্দৰ্ভত সম্প্ৰতি সোধপোছ অব্যাহত ৰাখিছে ৷

Exit mobile version