হাৰিয়ানাত প্ৰবেশত বাধা ৰাহুল গান্ধীক

rahul gandhi rep 8 1598194820

কৃষি আইনৰ বিৰুদ্ধে হাৰিয়ানাত ইতিমধ্যে কৃষকসকলৰ প্ৰতিবাদ আৰম্ভ হৈছে ।কৃষকসকলৰ প্ৰতিবাদক দমন কৰিবলৈ ৰাজ্যখনৰ আৰক্ষীয়ে পাৰ্যমানে চেষ্টা কৰিছে। ইয়াৰ মাজতে কংগ্ৰেছ দলৰ “খেতি ৰক্ষা কৰক ” আন্দোলনত ভাগ লোৱা নেতা ৰাহুল গান্ধীক পঞ্জাবৰ পৰা হাৰিয়ানাত প্ৰবেশ কৰিবলৈ অনুমতি দিলে ৷

ইয়াৰ পূৰ্বে খেতি ৰক্ষা কৰক” আন্দোলনত কংগ্ৰেছ নেতা জনক হাৰিয়ানাৰ সীমাত বহু সময় ৰখাই থোৱা হৈছিল। এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়”মই আগ নাবাঢ়ো ৷কিন্তু ইয়াত ১ ঘন্টা,৫ ঘন্টা,২৪ ঘন্টা,১০০ ঘন্টা,১০০০ ঘন্টা আৰু ৫০০০ ঘন্টা অপেক্ষা কৰিম ৷”

লগতে ৰাহুল গান্ধীয়ে কয় “আমি কৃষকৰ অবিহনে ভাৰত কল্পনাই কৰিব নোৱাৰো। সেয়েহে আমি কংগ্ৰেছৰ দলটো পঞ্জাৱ ,হাৰিয়ানা,মধ্যপ্ৰদেশ,ৰাজস্থান আদি প্ৰত্যেকটো অঞ্চলত কৃষকৰ লগত আছো। আমি পিছুৱাই নাযাওঁ “৷

ৰাহুল গান্ধীয়ে লগতে খাদ্য সুৰক্ষা দলিলৰ প্ৰসংগ উত্থাপন কৰি কয় “এইয়া আইনলৈ ৰূপান্তৰিত হ’লে ভাৰতৰ কৃষক আম্বানি,অডানীৰ গুলাম হ’ব।এবছৰ বা দুবছৰৰ ভিতৰত আপোনাৰ ভূমিৰ ওপৰত তেওঁলোকৰ অধিকাৰ হ’ব ৷”

প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি ৰাহুল গান্ধীয়ে কয়”মোডীয়ে কৈছিল কৃষকে যেতিয়াই মন যায় তেতিয়াই উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিব ৷কিন্তু যদি পথটোৱেই নাথাকে। তেন্তে কৃষকসকল যাব ক’ত ?

প্ৰধানমন্ত্ৰী মোডীৰ পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষক শক্তিৰ অনুভৱ নাই। পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকে নিজৰ প্ৰাপ্যৰ কাৰণে যুদ্ধ কৰিব পাৰে ৷

Exit mobile version