বন ধ্বংস-যজ্ঞ আজিও অব্যাহত আছে পশ্চিম কাৰ্বি আংলঙত। কিন্তু প্ৰশ্ন হয় কাৰ ছত্ৰছায়াত চলে অসম-মেঘালয়ৰ সীমান্তত বন ধ্বংসৰ এনে যজ্ঞ? অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ মূলবেৰ অঞ্চলৰ চিৰ নামৰ ঠাইত পুনৰ জব্দ হ’ল চোৰাং কুণ্ডা ভৰ্তি এখন শক্তিমান ট্ৰাক।
মুঠতে সপ্তাহটোৰ ভিতৰতে অসম-মেঘালয় সীমান্তত জব্দ হয় ইখনৰ পাছত সিখন চোৰাং কুণ্ডা ভৰ্তি বাহন অথবা ট্ৰাক।কিন্তু সঘনাই হৈ থকা এনে ধৰণৰ কাৰ্য কলাপৰ বাবে জগৰীয়া কোন? এনে অবৈধ কাৰ্যৰ সৈতে কোন কোন জড়িত হৈ আছে ? আজিও কিন্তু বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ সঠিক উত্তৰ উলিয়াব পৰা নাই ৷
উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ পম খেদি খেৰণি বন বিভাগে নিশা মুলাবেৰ আৰু উমখৃমি অঞ্চলৰ চিৰ নামৰ গাঁওখনত অভিযান চলাই এম এল ০৪-৩৯৯১ নম্বৰৰ এখন শক্তিমান ট্ৰাক কাঠৰ কুণ্ডাসহ জব্দ কৰে। অসম ৰাজ্যৰ পশ্চিম কাৰ্বি আংলঙৰ পৰা মেঘালয় ৰাজ্যলৈ কুণ্ডাসমূহ সৰবৰাহ কৰাৰ অপচেষ্টা চলাইছিল সৰবৰাহকাৰীয়ে।
উল্লেখযোগ্য যে বন বিভাগে কাঠৰ কুণ্ডা ভৰ্তি গাড়ীখন জব্দ কৰে যদিও চোৰাং কাঠ সৰবৰাহকাৰীক কৰায়ত্ত কৰাত ব্যৰ্থ হয় খেৰণি বন বিভাগ। অৱশ্যে ব্যৰ্থতাৰ কাৰণ আৰু সন্দেহৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত বিভাগীয় বিষয়া চন্দ্ৰছিং তিচ্ছ’ই উল্লেখ কৰে যে বনকৰ্মী, যাতায়ত ব্যৱস্থাৰ অভাৱৰ ফলত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হ’বলগীয়া হৈ আহিছে।
আনহাতে বন কাৰ্যালয়ৰ পৰা সীমান্ত এলেকাৰ দূৰত্ব যথেষ্ট বেছি হোৱাৰ বাবেও বন ধ্বংস নিয়ন্ত্ৰণ আৰু সৰবৰাহত বাধা প্ৰদান কৰাত বিফল হ’বলগাত পৰিছে বুলিও উল্লেখ কৰে বন বিষয়াগৰাকীয়ে। আনহাতে বিশেষকৈ উক্ত অঞ্চলসমূহৰ স্থানীয় একাংশ অসাধু লোক সৰবৰাহকাৰীৰ সৈতে পৰোক্ষভাৱে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে বিষয়াগৰাকীয়ে।
কাৰণ বনকৰ্মী ঘটনাস্থলী পোৱাৰ পূৰ্বেই সৰবৰাহকাৰীয়ে বাহন অথবা ট্ৰাক আদি এৰি প্ৰায়ে পলায়ন কৰা পৰিলক্ষিত হয় । ইফালে এইসমূহ দিশৰ প্ৰতি লক্ষ্য ৰাখি সচেতন মহলেও এই অবৈধ কাৰ্যৰ সৈতে হয় বনকৰ্মী নহয় স্থানীয় অসাধু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আহিছে। ইতিমধ্যে জব্দকৃত বাহনখন খেৰণি বন বিভাগৰ কাৰ্যলয়লৈ লৈ অনাৰ লগতে চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগে অনুসন্ধান অব্যাহত ৰাখিছে ৷