সুস্থ নোহোৱাকৈ হোৱাইট হাউচলৈ উভতি ট্ৰাম্পে ক’লে “কৰ’নাক ভয় কৰাৰ কাৰণ নাই “

201005 donald trump takes

যোৱা সপ্তাহৰ অন্তিম ভাগত ক’ভিড ১৯ ত সংক্ৰমিত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰোগ্য লাভৰ পূৰ্বে উভতিল চৰকাৰী বাসগৃহ হোৱাইট হাউচলৈ ৷যোৱা শুকুৰবাৰে ট্ৰাম্পক ক’ভিড সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

চাৰিদিন চিকিৎসালয়ত থকাৰ পাছত ট্ৰাম্প হোৱাইট হাউচলৈ উভতি আহে আৰু চৰকাৰী বাসগৃহত প্ৰবেশৰ পাছতে মাস্ক খুলি ট্ৰাম্পে কয় যে ক’ভিড ১৯ ক ভয় কৰাৰ কোনো কাৰণ নাই। স্মতব্য যে এদিন পূৰ্বে ট্ৰাম্পে হঠাতে চিকিৎসালয়ৰ পৰা এখন গাড়ীত উঠি অনুৰাগীক অভিবাদন জনাই চমক দিছিল ।

এই ঘটনাৰ পাছতে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে বাসগৃহলৈ উভতি আহি কয় “কৰ’নাক লৈ ভয় নাখাব ” সম্পূৰ্ণ সুস্থ হোৱাৰ পূৰ্বেই ট্ৰাম্পে এইদৰে হোৱাইট হাউচলৈ উভতি অহা আৰু মাস্ক পৰিধান নকৰা কাৰ্যত বিৰোধী ডেম’ক্ৰেট দলে কঠোৰভাৱে সমালোচনা কৰিছে ৷

ক’ভিড সংক্ৰমণক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিয়ে হেতালি খেলিছে বুলিও ডেম’ক্ৰেটসকলে মন্তব্য কৰিছে ৷ট্ৰাম্পে আৰু তেওঁৰ পত্নীৰ লগতে হোৱাইট হাউচৰ একাধিক বিষয়া কৰ্মচাৰী ক’ভিড ১৯ ত সংক্ৰমিত হোৱাৰ পাছতো এই মাৰাত্মক ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে প্ৰয়োজনীয় স্বাস্থ্যবিধি অমান্য কৰাক লৈ আমেৰিকাৰ বহু নাগৰিকে ছ’চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন কৰিছে। হোৱাইট হাউচলৈ উভতি অহাৰ পাছত টুইট কৰি ট্ৰাম্পে কয় যে তেওঁ শীঘ্ৰে নিৰ্বাচন প্ৰচাৰত পুনৰ অংশ ল’ব ৷

Exit mobile version