ৰিয়া চক্ৰৱৰ্তীৰ জামিন লাভৰ কেইটামান চৰ্ত

WhatsApp Image 2020 10 07 at 2.59.46 PM

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত জড়িত ড্ৰাগছৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আজি বোম্বে হাই কৰ্টে জামিন দিয়ে । কিন্তু যোৱা মাহত এনচিবিৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক জামিন নাকচ কৰে আদালতে । ইয়াৰ উপৰিও ৰিয়া চক্ৰৱৰ্তীৰ জামিন লাভৰ কিছু চৰ্ত আৰোপ কৰিছে আদালতে-
◆ পাছপৰ্ট জমা দিব লাগিব ।
◆ মুম্বাই আৰক্ষীক ১০ দিনৰ অন্তৰে অন্তৰে প্ৰতিবেদন দাখিল কৰিব লাগিব।
◆ জামিন লাভৰ মূল্য ১ লাখ টকা ।
◆ দেশ এৰি যাব নোৱাৰিব।
◆ অন্য কোনো সাক্ষীক লগ কৰিব নোৱাৰিব ।
◆ মুম্বাইৰ বাহিৰত গ’লে তদন্তকাৰী বিষয়াক আগতীয়াকৈ জনাব লাগিব ।
◆ ছমাহ পৰ্যন্ত প্ৰতি মাহৰ সোমবাৰে তদন্তকাৰী সংস্থাক প্ৰতিবেদন দাখিল কৰিব লাগিব ।

Exit mobile version