উদ্ধোধনৰ ২৪ ঘণ্টাৰ ভিতৰতে অটল টানেলত তিনিটা দুৰ্ঘটনা

WhatsApp Image 2020 10 08 at 8.33.27 PM

গাড়ী আৰু মটৰ চাইকেল চালকৰ বাবে প্ৰতিযোগিতাৰ স্থলী হৈ পৰিছে সদ্য মুকলি অটল টানেল।৯.০২কিলোমিটাৰৰ দৈৰ্ঘ্যৰ সুৰংগটোৰ ভিতৰৰ দুইলেনযুক্ত পথছোৱাত তীব্ৰ বেগত বেপৰোৱাভাৱে গাড়ী-মটৰ চাইকেল চলোৱাৰ সমান্তৰালভাৱে ‘ছেলফি’ তোলাৰ বাবেও হেতা-ওপৰা আৰম্ভ হৈছে।

এনে কাৰণতে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি দিয়াৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে তিনিতকৈ দুৰ্ঘটনা সংঘটিত হৈ গৈছে।সুৰংগটোৰ ভিতৰত যান-বাহন চলাচলৰ বাবে ঘন্টাত সৰ্বাধিক ৮০ কিলোমিটাৰ গতিবেগ নিৰ্ধাৰণ কৰি দিয়া সত্বেও নতুন পথত এই গতিবেগক লৈও সন্তষ্ট হ’ব পৰা নাই চালকসকলে।চালক সকলৰ মইমতালিপূৰ্ণ চালনাৰ সকলো দৃশ্য চি চি টিভিত বন্দী হৈ পৰিছে।

ক্ষণে ক্ষণে যান-বাহন আইন লংঘন কৰি য’তে ত’তে গাড়ী -মটৰ চাইকেল ৰখোৱাৰ পৰিণতিত সুৰংগটোৰ ভিতৰত দুৰ্ঘটনাৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে।সীমান্ত পথ সংস্থাৰ মুখ্য অভিযন্ত্ৰা কে পি পুৰুষোত্তমে জনোৱা অনুসৰি সুৰংগটোৰ ভিতৰত যান-বাহন ৰখোৱাটো বন্ধ কৰা সত্বেও এই ক্ষেত্ৰত সঘনে নিয়ম অমান্য কৰিছে চালকসকলে।

কুল্লু জিলাৰ উপায়ুক্ত ৰিচা বৰ্মাই যান-বাহন চালকৰ মইমতালি বন্ধ কৰিব পৰাকৈ কিছু নতুন বিধি-ব্যৱস্থাৰ ঘোষণা কৰিছে।সুৰংগৰ ভিতৰত যান-বাহন ৰখোৱাত বাধা দিয়াৰ লগতে দ্ৰুত গতিবেগ ৰোধ কৰাটো প্ৰশাসনে গুৰুত্ব দি ১৪৪ ধাৰাও বলবৎ কৰিছে।

Exit mobile version