ভাৰতত প্ৰতি চাৰি মিনিটত এগৰাকী মহিলাৰ স্তন কৰ্কট

WhatsApp Image 2020 10 08 at 10.27.43 AM

প্ৰতি চাৰি মিনিটৰ ভিতৰত এগৰাকী মহিলাৰ স্তন ৰোগ ধৰা পৰে ভাৰতত । ইয়াৰে প্ৰতি দুগৰাকী কৰ্কট আক্ৰান্তৰ ভিতৰত এগৰাকীৰ মৃত্যু হয় । কৰ’না ভাইৰাছ সংক্ৰমণতকৈ ই বহুত ভয়াৱহ হৈ পৰিছে । তীব্ৰ গতিৰে দেশৰ মহিলাসকলক বিপৰ্যস্ত কৰিছে মহামাৰীৰ ৰূপ লোৱা স্তনৰ কৰ্কট ৰোগে । এনে এক ভয়াৱহ সময়ৰ মাজতে বিশ্বৰ বিভিন্ন দেশত অক্টোবৰক স্তন কৰ্কট সচেতনতা মাহ হিচাপে পালন কৰা হৈছে ।

এই ৰোগে যেতিয়া সম্পূৰ্ণৰূপেমহিলাসকলে  বিস্তাৰ লাভ কৰি অন্তিম পৰ্যায় পায় সেই সময়তহে মহিলাসকলৰ জ্ঞান আহে৷ তেনে সময়ত বাধ্য হৈয়ে চিকিৎসকৰ ওচৰলৈ যায় ৷ কিন্তু চিকিৎসক তথা আধুনিক চিকিৎসা বিজ্ঞানৰ সেই সময়ত আৰু কৰিবলগীয়া একো বাকী নাথাকেগৈ ৷ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এই কথা জনাইছে চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসক জয়ন্ত চক্ৰৱৰ্তীয়ে ৷ ভাৰতৰ ৫০ শতাংশৰ অধিক মহিলাই পৰ্যায় তিনি অথবা পৰ্যায় চাৰি কৰ্কট ৰোগত আক্ৰান্ত ৷

চিকিৎসকে জনোৱা অনুসৰি প্ৰাৰম্ভিক অৱস্থাতে ৰোগ ধৰা পৰিলে তথা সঠিক চিকিৎসা কৰিব পাৰিলে মৃত্যুৰ সম্ভাৱনা হ্ৰাস পাব পাৰে । সেয়েহে এই সচেতনতা মাহ পালন পালন কৰা হৈছে ৷ স্তনৰ কৰ্কট ৰোগত প্ৰতি ১৩ মিনিটত এগৰাকী মহিলাৰ মৃত্যু হয় । বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি প্ৰতি বছৰে ১৪ লাখ মহিলা নতুনকৈ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ লগতে চাৰি লাখ ৫৮ হেজাৰৰ মৃত্যু হয় । স্তন কৰ্কট লৈ কিশোৰী যুৱতীসকলৰ মাজত ইয়াৰ পাছতো সঠিক ৰূপত সচেতনতা গঢ় লৈ উঠা নাই ।

বিশ্ব স্বাস্থ্য সংস্থাৰ “ইন্টাৰনেশ্যনেল এজেন্সী ফৰ ৰিচাৰ্ছ কেঞ্চাৰ”ৰ উদ্যোগত সেয়েহে অক্টোবৰক স্তন কৰ্কট সচেতনতা মাহৰূপে পালন কৰা হ’লেও এইবাৰ কৰ’নাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব পৰা হোৱা নাই । এই ৰোগ প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰিলে সম্পূৰ্ণভাৱে সুস্থ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ধৰা পৰিলে ৬০ শতাংশ তথা তৃতীয় পৰ্যায়ত ধৰা পৰিলে সম্পূৰ্ণভাৱে সুস্থ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ধৰা পৰিলে ৬০ শতাংশ তথা তৃতীয় পৰ্যায়ত ধৰা পৰিলে ৩০ শতাংশ ৰোগীকহে সুস্থ কৰি তুলিব পাৰি ।

এই ৰোগ প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰিব পাৰে একমাত্ৰ আক্ৰান্তগৰাকীৰ সজাগতাৰ বাবে । মহিলাগৰাকীয়ে ইয়াৰ বাবে এবাৰ আইনাৰ সন্মুখত থিয় হৈ নিজৰ স্তন যুগল পৰীক্ষা কৰা দৰকাৰ ৷ হাতেৰে স্তন যুগল পৰীক্ষা কৰাৰ সময়ত কোনো কঠিন স্থান হাতত লাগিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা প্ৰয়োজন । অৱশ্যে স্তনৰ কঠিন স্থান মানে কৰ্কট ৰোগ নহয় ই সাধাৰণ টিউমাৰো হ’ব পাৰে ৷ একমাত্ৰ অস্ত্ৰোপচাৰৰ দ্বাৰাহে স্তনৰ কৰ্কট ৰোগৰ চিকিৎসা সম্ভৱ ।

এই ৰোগ অন্তিম পৰ্যায়ত হাওঁফাওঁ, যকৃত, মস্তিষ্ক, হাড় আদিলৈ সম্প্ৰসাৰিত হৈ পৰে ৷ প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগৰ বিষ অনুভৱ নহয় যদিও লাহে লাহে বিষ হ’বলৈ ধৰে । ২০৫০ লৈ এগৰাকীও মহিলাক কৰ্কট ৰোগত মৃত্যু হ’বলৈ দিয়া নহয় বুলি হুয়ে সংকল্প গ্ৰহণ কৰিছে ৷ বংশগত কাৰণত বহু মহিলাৰ এই ৰোগ হয় ৷ শৰীৰৰ বৰ্ধিত ওজন, আলস্য জীৱন, ধুমপান, মদ্যপান, ভজা পূৰা খাদ্য, অধিক বয়সত সন্তান জন্ম, সন্তানক স্তনৰ গাখীৰ পান কৰিবলৈ নিদিয়া, আয়’ডিনৰ অভাৱ, কম বয়সতে ঋতুকাল আৰম্ভ আদি বিভিন্ন কাৰণত স্তনৰ কেন্সাৰ হ’ব পাৰে  ৷
চিকিৎসকৰ মতে লজ্জা আৰু সংকোচ ত্যাগ কৰি সকলো মহিলাই স্তনৰ কৰ্কটৰ বিৰুদ্ধে সচেতন হ’ব লাগিব । এই ৰোগৰ বিৰুদ্ধে সবাতোকৈ ডাঙৰ অস্ত্ৰ হৈছে সচেতনতা ৷ সচেতনতা অবিহনে এই ৰোগৰ পৰা উপশম লাভ কৰাটো হৈ পৰে অতিকৈ কঠিন ৷

Exit mobile version