চীনৰ উইঘুৰ গোষ্ঠীৰ মুছলিমসকলৰ ওপৰত বেইজিং প্ৰশাসনে চলাই অহা অমানুষিক অত্যাচাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত সৰৱ হৈছে ৩৯ খনকৈ দেশ । আমেৰিকা, জাৰ্মানী, অষ্ট্ৰেলিয়া, জাপানসহ এই দেশবিলাকে ইয়াৰ সমান্তৰালভাৱে বেইজিং প্ৰশাসনে হংকং আৰু তিব্বতৰ ক্ষেত্ৰত গ্ৰহণ কৰা নীতিৰো তীব্ৰ বিৰোধিতা কৰে ।
এনেদৰে ৰাষ্ট্ৰসংঘৰ মজিয়াত বৃহৎসংখ্যক দেশৰ দ্বাৰা সমালোচনাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ সময়তে আমেৰিকাৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে বেইজিঙে ।আমেৰিকাৰ বিৰুদ্ধে শেহতীয়াকৈ চীনে অন্যান্য দেশকো উচটনি দিয়াৰো অভিযোগ উত্থাপন হৈছে ।
যোৱা মঙলবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত জাৰ্মানীৰ নেতৃত্বত উল্লেখিত ৩৯ খন দেশে এটি বিবৃতি দাখিল কৰে । বিবৃতিটোৰ যোগেৰে চীনৰ জিনজিয়াং প্ৰদেশৰ বন্দী শিবিৰত উইঘুৰ মুছলিমৰ ওপৰত চলাই থকা অত্যাচাৰক তীব্ৰ ভাষাৰে নিন্দা কৰা হয় । বিবৃতিটোত ইয়াৰ লগতে হংকঙৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি পৰিদৰ্শনৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি দলক অনুমতি প্ৰদানৰো দাবী জনোৱা হয় ।
জিনজিয়াং প্ৰদেশত যিদৰে মানৱ অধিকাৰ লংঘন হৈছে তেনে ঘটনাক দেশকেইখনে বন্ধ কৰিবলৈকো দাবী জনায় । এই প্ৰসংগত ৰাষ্ট্ৰসংঘত থকা জাৰ্মানীৰ ৰাষ্ট্ৰদূতে কয়, ‘আমি সংখ্যালঘুৰ ধৰ্মীয় অধিকাৰ ৰক্ষা তথা এনে অধিকাৰক সন্মান জনাবলৈ চীনক দাবী জনাইছো । বিশেষকৈ জিনজিয়াং আৰু তিব্বতত চীনে প্ৰদৰ্শন কৰা আচৰণক আমি কেতিয়াও সমৰ্থন জনাব নোৱাৰো।’
চীনৰ সপক্ষে ৪৫ খন দেশৰ সমৰ্থন লৈ আন এক বিবৃতিত কিউবাই কয় যে জিনজিয়াং প্ৰদেশক লৈ চীনে গ্ৰহণ কৰা নীতিক সমালোচনা কৰাটো দেশখনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ । ইফালে, আন এক বিবৃতিত হংকঙৰ প্ৰসংগত চীনৰ নীতিক সমৰ্থন জনাইছে পাকিস্তানসহ কে’বাখনো দেশে ।






























