কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক দুৰ্নীতিৰ সদাগৰ আখ্যা যুৱ কংগ্ৰেছৰ

WhatsApp Image 2020 10 11 at 10.56.46 AM

পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত। ‘বিজেপি গ’ বেক’, ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পদত্যাগ কৰক’, ‘যুৱ কংগ্ৰেছ জিন্দাবাদ’ ধ্বনিৰে দেশৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তুলিৰাম ৰংহাঙৰ পুত্তলিকা দাহ পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ। আৰক্ষী উপ পৰিদৰ্শকৰ পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী তুলি পুত্তলিকা দাহেৰে যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে বিজেপি চৰকাৰে শীঘ্ৰে নিবনুৱা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী তোলে যুৱ কংগ্ৰেছৰ নেতৃবৃন্দই। আনহাতে একেটা দিনতে খেৰণিস্থিত মণ্ডল কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাও অনুষ্ঠিত কৰে জিলা যুৱ কংগ্ৰেছে ।

অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক দুৰ্নীতিৰ সদাগৰ আখ্যা দি নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন আৰু কাৰ্বি পৰিষদ চৰকাৰক তীব্ৰ সমালোচনা কৰে । সংস্থাপন, আৰক্ষী উপ পৰিদৰ্শকৰ পৰীক্ষাৰ কেলেংকাৰী, কৃষক বিৰোধী আইন আদি বিষয়সমূক লৈ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে যুৱ কংগ্ৰেছৰ নেতৃবৃন্দই ।

লগতে সভাত উপস্থিত থকা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ বলিষ্ঠ নেতা ক্ৰমে প্ৰীতম কৰ্মকাৰ, মৃণাল হাজৰিকা, জিতু গগৈ, পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে ক্ৰামছা, কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ছিং টেৰণ, পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহিয়ে সমাগত বিধানসভা নিৰ্বাচন আৰু ইয়াৰ পিছত কাৰ্বি পৰিষদৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰি কংগ্ৰেছে শাসনভাৰ নিশ্চিতভাৱে নিজৰ হাতলৈ আনিব বুলি মন্তব্য কৰাৰ লগতে দেশ তথা অসম ৰাজ্যত কংগ্ৰেছ দল পূৰ্বতকৈ আৰু অধিক শক্তিশালী হৈ উঠিছে বুলি দাবী কৰে।

Exit mobile version