অপেক্ষাৰ ফল মিঠা

WhatsApp Image 2020 10 13 at 5.57.15 PM

অপেক্ষাৰ ফল মিঠা । এই কথাষাৰ পুনৰ প্ৰমাণিত হ’ল । এইবাৰ স্থান হ’ল আয়াৰলেণ্ডৰ ৰাজধানী চহৰ ডাবলিন । দেশখনৰ কিলকেনিস্থিত এটি পৰিয়ালে যোৱা ২৫বছৰ ধৰি লটাৰীৰ টিকট ক্ৰয় কৰি আহিছে । পৰিয়ালটোৱে কিন্তু এটা নিৰ্দিষ্ট নম্বৰৰ লটাৰীহে ক্ৰয় কৰে । অৱশেষত এইবাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰি দিলে নিৰ্দিষ্ট নম্বৰটোৱে । ফলত একেদিনাই ভাৰতীয় মুদ্ৰাত ৪৭কোটি টকা লাভ কৰে পৰিয়ালটোৱে ।

পৰিয়ালটোৰ মুৰব্বীজনে এদিন সিদ্ধান্ত লয় লটাৰীৰ টিকট ক্ৰয়ৰ লগতে এটা নিৰ্দিষ্ট নম্বৰৰ টিকটহে তেওঁলোকে ক্ৰয় কৰিব । পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্যই সলনা সলনিকৈ টিকট ক্ৰয় কৰিলেও কিন্তু নম্বৰ একেটাই । ফলত বছৰৰ পাছত বছৰ ধৰি একেটা কামকে নিৰৱচ্ছিন্ন কৰি যায় পৰিয়ালটোৱে । অৱশ্যে ২৫ বছৰৰ অপেক্ষাৰ পাছত ভাগ্য মুকলি হ’ল পৰিয়ালটোৰ ।

এটা নিৰ্দিষ্ট নম্বৰৰ ওপৰত ৰখা আস্থাৰ ফল লাভ কৰি পৰিয়ালটো যথেষ্ট আনন্দিত । পৰিয়ালটোৱে ইমানদিনে যথেষ্ট আৰ্থিক সমস্যাৰ মাজেৰে দিন পাৰ কৰিছে । লটাৰীত কোটিটকা লাভ কৰিলেও কোনো বিলাসিতাৰ গ্ৰাসত পৰা নাই পৰিয়ালটো ।পূৰ্বে লোৱা ঋণ পৰিশোধ কৰাতহে অগ্ৰাধিকাৰ দিছে পৰিয়ালটোৱে।

Exit mobile version