আগন্তুক দুৰ্গাপূজাৰ উপলক্ষে কামৰূপ মহানগৰ জিলাৰ  প্ৰশাসনৰ নিৰ্দেশনা জাৰি

6ba5408e 6ef0 47df a3c0 341929736d08

আগন্তুক দুৰ্গাপূজাৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসন,গুৱাহাটী আৰক্ষী,গুৱাহাটী পৌৰ নিগম,ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ,এপিডিচিএল ,দুৰ্যোগ প্ৰশমণ আদি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বৰ অনুষ্ঠিত এই সভাত জিলা আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা ক’ভিড১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি দুৰ্গা পূজা অনুষ্ঠিত কৰিব লগীয়া কমিটিসমূহক কিছুমান নীতি নিৰ্দেশনা জাৰি কৰিছে। তাৰ ভিতৰত

পূজা উদযাপন কমিটিসমূহে নিজ নিজ অঞ্চলৰ উপ আৰক্ষীৰ আয়ুক্তৰ পৰা অনুমতি ল’ব লাগিব।

চৰকাৰৰ নিৰ্দেশ অনুসৰি পূজা কমিটিসমূহে পেণ্ডেলসমূহ আহল বহল কৈ নিৰ্মাণ কৰিব লাগিব।

পূজা পেণ্ডলসমূহত একে সময়তে ৩০ জনতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব।

পেণ্ডলসমূহৰ প্ৰবেশ আৰু প্ৰস্থানৰ পথ সুকীয়া হ’ব লাগিব।

পূজা কমিটিসমূহৰ প্ৰতিগৰাকী সদস্য আৰু স্বেচ্ছাসেৱকসকলে ষষ্ঠীৰ আগদিনা আৰু দশমীৰ পিছদিনা ক’ভিড ১৯ ৰ পৰীক্ষা কৰিব লাগিব ।

পূজাৰ বাবে কৰা আবেদনৰ সময়ত পূজা কমিটিসমূহে কমিটীৰ সদস্য আৰু স্বেচ্ছাসেৱকসকলৰ নামৰ তালিকা আৰক্ষীৰ ওচৰত দাখিল কৰিব লাগিব।

শাৰদীয় দুৰ্গোৎসৱৰ স’তে সংগতি ৰাখি এইবাৰ কোনো সাংস্কৃতিক কাৰ্যসূচী আৰু মেলাৰ আয়োজন কৰিব নোৱাৰিব ।

তদুপৰি পূজাৰ কেইদিন পূজাৰ মণ্ডপৰ আশে পাশে কোনো অস্থায়ী দোকান পোহাৰ আদি দিব নোৱাৰিব ৷

জিলা উপায়ুক্ত পেগুৱে কয় যে ক’ভিড ১৯ ৰোধৰ কাৰণে সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।

দেৱী বিসৰ্জনৰ সময়ত কোনো সমদল উলিয়াব নোৱাৰিব। সংশ্লিষ্ট পূজা কমিটিৰ ১০ গৰাকী ব্যক্তিহে উপস্থিতিহে থাকিব পাৰিব।

উল্লেখযোগ্য যে চৰকাৰী নিৰ্দেশনা অনুযায়ী পূজাৰ কেইদিন দুচকীয়া বাহনত দুজন লোক উঠিব নোৱাৰিব ।অৱশ্যে মহিলা আৰু ১৫ বছৰৰ তলৰ শিশুৰ কাৰণে শিথিলতা থাকিব।

ইপিনে গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ে সভাত পূজা কমিটিসমূহক সাম্প্ৰতিক সময়ত ক’ভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰ আৰু স্বাস্থ্য বিভাগে দিয়া নীতি নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায় ।

উপাধ্যায়ে কয় যে আৰক্ষীৰ পৰা অনুমোদন লোৱাৰ সময়ত প্ৰতিখন পূজা কমিটিকে জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনাসমূহৰ লগতে আৰক্ষী বিভাগৰ নিৰ্দেশনাসমূহো অৱগত কৰোৱা হ’ব ।আনহাতে দেৱী বিসৰ্জনৰ সময়ত সকলো নীতি নিয়মক মানিবলৈ আহ্বান কৰে।

লগতে পূজা কমিটিসমূহে যাতে পূজা পেণ্ডেলত পৰ্যাপ্ত ’পৰিমাণে স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে চি চি টিভি কেমেৰা স্থাপন কৰিবলৈ পূজা কমিটিসমূহক আহ্বান জনায় দেৱৰাজ উপাধ্যায়ে ।

পূজাৰ উপলক্ষে অনুষ্ঠিত কৰা বৈঠকখনত পৌৰ নিগমৰ আয়ুক্ত ঘনশ্যাম দাস,কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ,অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা বিভাগৰ উপ সঞ্চালক জয়শ্ৰী খেৰছাৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।

Exit mobile version