৩৪ প্রযােজকক কটাক্ষ কৰি চলচ্চিত্র নির্মাতা বিবেকে ক’লে’ যেতিয়া তেওঁলোকৰ সন্তানৰ শৌচ-প্ৰস্ৰাৱ কৰাৰ বাতৰি প্ৰচাৰিত হৈছিল, তেতিয়া চেনেলবোৰ ভাল আছিল’

WhatsApp Image 2020 10 15 at 12.02.50 PM

বলিউডৰ ৩৪ জন প্রযােজক আৰু চাৰিটা চলচ্চিত্র নির্মাতা প্রতিষ্ঠানে একাধিক টেলিভিছন চেনেল আৰু সাংবাদিকৰ বিৰুদ্ধে দায়িত্বজ্ঞানহীন আৰু অপমানজনক বা-বাতৰি প্ৰচাৰৰ অভিযােগ উত্থাপনৰে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হােৱা ঘটনাক গৰিহণা দিলে বলিউডৰে আন এজন চলচ্চিত্র নির্মাতা বিবেক ৰঞ্জন অগ্নিহােত্রীয়ে।

এইসকল প্রযােজকক বিবেকে টুইটাৰত পৰাজিত’ আৰু ‘পাষণ্ড’ বুলি অভিহিত কৰি কয় যে যেতিয়া এইসকল লােকৰ শিশু সন্তানৰ শৌচ-প্ৰস্ৰাৱ কৰাৰ বা-বাতৰিও চেনেলসমূহত প্রচাৰিত হৈছিল তেতিয়া তেওঁলােকৰ বৰ ভাল লাগিছিল, কিন্তু এতিয়া অনুৰাগী আৰু দৰ্শকে উত্থাপন কৰা প্রশ্ন সংবাদ মাধ্যমে প্রচাৰ কৰাত ক্ষুব্ধ হৈছে।

এক টুইটত বিবেকে কয়, ‘বলিউডত প্রায় পাঁচ লাখ লােকে কাম কৰে । এজন বুৰ্বকেও এই কথা বুজিব পাৰে যে এই সংঘর্ষ তেওঁলােকৰ বিৰুদ্ধে নহয় । এইখন জগতত এনে কেইটামান ঘােলা কণী আছে, যি বলিউডৰ সুনাম নষ্ট কৰিছে । এতিয়া একাংশ লােকে ইয়াৰ বিৰুদ্ধে থিয় দি সংস্কাৰ বিচাৰিছে ।’

উল্লেখ্য যে যােৱা ১২ অক্টোবৰত ছলমান খান, শ্বাহৰুখ খান, আমিৰ খান, অজয় দেৱগন, ৰােহিত শেট্টী, কৰণ জোহৰ, ৰাকেশ ওম প্রকাশ মেহৰাসহ ৩৪ বলিউডৰ শীর্ষ অভিনেতা-প্রযােজকে দিল্লী উচ্চ ন্যায়ালয়ত এক গােচৰ তৰি কে’বাটাও টেলিভিছন চেনেল আৰু সাংবাদিকৰ বিৰুদ্ধে দায়িত্বজ্ঞানহীন সংবাদ পৰিবেশনৰ অভিযােগত এক আবেদন দাখিল কৰিছিল ।

এইসকল বলিউড তাৰকাৰ আদালতত দ্বাৰস্থ হােৱাৰ কাৰ্যক কটাক্ষ কৰি বিবেকে কয়, যেতিয়া চেনেলসমূহে এইসকল লােকৰ শিশু সন্তানৰ শৌচ-প্ৰস্ৰাৱৰ বাতৰিও প্ৰচাৰ কৰিছিল, তেতিয়া তেওঁলােকে এনে বাতৰি প্ৰচাৰত সহায় কৰিছিল । এতিয়া চেনেলে বলিউডৰ অন্ধকাৰ দিশৰ কথা প্রকাশ কৰাত তেওঁলােক আদালতৰ দ্বাৰম্ভ হ’ল।

Exit mobile version