ড্ৰাগছে আমুৱালে,এইবাৰ বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন জড়িত হ’ল MGNREGAৰ দুৰ্নীতিত

WhatsApp Image 2020 10 17 at 4.20.42 PM

ড্ৰাগছৰ পাছত এইবাৰ MGNREGA আঁচনিৰ দুৰ্নীতিত জড়িত হৈ পৰিছে বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন ৷কিন্তু ৰ’ব,ঘটনাটো আপুনি ভবাৰ দৰে নহয় ৷মধ্য প্ৰদেশৰ খৰগোন জিলাৰ গাঁও পঞ্চায়তত পঞ্চায়ত সভাপতিয়ে জব কাৰ্ডত দীপিকা পাডুকনৰ ফ’টো লগাই দীৰ্ঘদিন ধৰি দুৰ্নীতি কৰি অহা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। কেৱল সেয়াই নহয় এই জব কাৰ্ডসমূহত নিৰ্ধাৰিত কৰা আছে ধনৰ পৰিমাণ। আনহাতে জিলাখনৰ বহু গাঁৱবাসীয়ে নিজৰ নামত জব কাৰ্ড অহাৰ কথা জ্ঞাত নহয়।

ইপিনে খৰগোন জিলাৰ ৩০ বছৰীয়া ব্যক্তি চনু শান্তিলালৰ জব কাৰ্ডত আছে দীপিকা পাডুকনৰ ফ’টো। জব কাৰ্ড অনুসৰি শান্তিলালে এটা বৃহৎ পুখুৰী খান্দিলে ৷আৰু তাৰ বিনিময়ত বেতনো লাভ কৰিলে ৷ বাস্তৱত কিন্তু শান্তিলালে নাজানেই যে তেওঁৰ নামত হৈছে MGNREGAৰ বৃহৎ দুৰ্নীতি ৷

আনহাতে এই গাঁৱখনত ১-২ জনেই নহয় ১১-১২জন এনেধৰণৰ ব্যক্তি আছে ।যিয়ে নিজৰ নামত থকা জব কাৰ্ডৰ বিষয়ে নাজানে আৰু কোনো দিন বেতনো লাভ কৰা নাই। কিন্তু জব কাৰ্ডত চেলিব্ৰেটীৰ ফ’টো দি প্ৰকৃত হিতাধিকাৰীৰ নামত অহা ধন অতদিনে সৰকাই আছে পঞ্চায়ত সভাপতিয়ে৷

সম্প্ৰতি এই সন্দৰ্ভত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত তদন্তৰ নিৰ্দেশ দিছে বিভাগীয় কৰ্তৃপক্ষই।

Exit mobile version