বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন ৷সেই সময়তে বজালী মহকুমাত বিজেপিৰ মহিলা মৰ্চাই নাৰী শক্তিক জাগ্ৰত কৰি তেওঁলোকৰ ৰাজনৈতিক ভেঁটি সুদৃঢ় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷সেই অনুসৰি আজি পাঠশালাৰ স্থানীয় আজাদ ভৱন প্ৰাংগনত বজালী বিজেপিৰ মহিলা মৰ্চাৰ গুৰুত্বপূৰ্ণ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়৷ এই সভাত বজালী জিলা সমিতিৰ পাটাছাৰকুছি, ভবানীপুৰ আৰু সৰুক্ষেত্ৰী সমষ্টিৰ মহিলা নেত্ৰীসকল উপস্থিত থাকে l
পুৱা বজালী মহিলা মৰ্চাৰ সভানেত্ৰী ধীৰুমনি ৰয়ে পতাকা উত্তোলন কৰাৰ পাছতে আজাদ ভৱন প্ৰাংগনত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়৷ জিলা সাধাৰণ সম্পাদিকা লিলিমা ৰয়ে অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ পাছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সাধাৰণ সম্পাদিকা ভণিতা ৰয় বড়োৱে৷ এটা শোক প্ৰস্তুাব পাঠ কৰে জিলা উপ সভানেত্ৰী ইৰা কলিতাই৷বজালী জিলা বিজেপিৰ সভাপতি নগেন ৰয়ে নতুন শিক্ষা নীতি আৰু কৃষি নীতিৰ ওপৰত ভাষণ প্ৰদান কৰে ৷
একেখন মঞ্চতে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ফণি পাঠকে মহিলা সবলীকৰণৰ ওপৰত ভাষণ প্ৰদান কৰাৰ লগতে আত্মনিৰ্ভৰ অসমৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দিপুল ভুঞাই l আনহাতে বিজেপি নেত্ৰী তথা বজালী মহিলা বিজেপিৰ প্ৰভাৰী ছেফালি ৰয়ে অৰুন্ধতী আৰু অৰুণোদয় আঁচনি সন্দৰ্ভত বক্তব্য ৰাখে৷ইপিনে সভাত শলাগৰ শৰাই আগবঢ়াই জিলা উপ সভানেত্ৰী ৰীনা দাসে l সভাৰ অন্তত বজালী বিজেপিৰ সভানেত্ৰী ধীৰুমনি ৰয়ে অনাগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বজালীত মহিলাসকলক একত্ৰিত কৰি তিনিটা সমষ্টিত বিজেপিৰ পতাকা উৰুৱাব বুলি মন্তব্য কৰে৷