সকলো ক’ভিড প্ৰট’কল মানি চলি দুৰ্গাপূজা আয়োজন কৰাৰ প্ৰস্তুতি উত্তৰ নুনমাটি সাৰ্বজনীন পূজা সমিতিৰ

1600x960 165929 durga puja image

সমাগত দুৰ্গাপূজা৷সেয়েহে ৰাজ্য চৰকাৰে দিয়া সকলো ক’ভিড প্ৰট’কল মানি চলি দেওবাৰে উত্তৰ নুনমাটি সাৰ্বজনীন পূজা সমিতিয়ে সন্ধিয়া এখন সভা অনুষ্ঠিত কৰে ৷ পূজা সমিতিৰ সভাপতি মহেশ ডেকাই সভাপতিত্ব কৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মুনীন্দ্ৰ ডেকাই |

সভাত বিভিন্ন আলোচনা কৰাৰ পিচত সৰ্বসন্মতি ক্ৰমে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ভিদ ১৯ৰ প্ৰতি লক্ষ্য ৰাখি আৰু প্ৰশাসনৰ নিয়ম নীতি মানি পূজাভাগ কৰাৰ কাৰণে প্ৰায় এক লাখ টকাৰ বাজেট নিৰ্দ্ধাৰণ কৰে | ধন সংগ্ৰহৰ ক্ষেত্ৰত বিগত বছৰৰ দৰে প্ৰতি ঘৰে ঘৰে ধন সংগ্ৰহ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

আৰু অঞ্চলবাসীক পূজা সমিতিৰ কাৰ্যালয়ত দান বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়৷অন্যহাতে এটি প্ৰস্তাৱ মৰ্মে চলিত বৰ্ষৰ পৰা উত্তৰ নুনমাটি সাৰ্বজনীন পূজা সমিতিৰ স্থায়ী সদস্য অন্তৰ্ভূক্ত কৰাৰ বাবে মতপোষণ কৰে৷লগতে সভাই সমূহ ইচ্ছুক ভক্তপ্ৰাণ ৰাইজক স্থায়ী সদস্যত অন্তৰ্ভূক্ত হ’ব বিচাৰিলে পূজা সমিতিৰ সভাপতি সম্পাদকৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় |

Exit mobile version