নতুনকৈ তিনিখন চলচ্চিত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে জুবিন গাৰ্গেঃগৰিমা শইকীয়া গাৰ্গ

WhatsApp Image 2020 10 20 at 9.36.00 PM

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে নতুনকৈ তিনিখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাবে পৰিকল্পনা কৰিছে৷ আৰু ২০২১ৰ প্ৰথম ভাগতেই ইয়াৰে এখনৰ কাম আৰম্ভ হ’ব ৷ তেজপুৰত আজি এই কথা প্ৰকাশ কৰিলে সংগীত শিল্পী গৰাকীৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে৷গৰিমা গাৰ্গে লগতে ,সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৰাজনীতিৰ ক্ষেত্ৰত শেহতীয়া স্থিতিৰ সন্দৰ্ভটো মন্তব্য কৰে ৷ গৰিমাই কয়” আছুক এক বলিষ্ঠ নেতৃত্ব দি আহিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আৰু এইগৰাকী ব্যক্তিয়ে  ৰাজনৈতিক ক্ষেত্ৰখনত কেতিয়াও প্ৰবেশ নকৰে বুলি যি সিদ্ধান্ত লৈছে সেয়া উচিত সিদ্ধান্ত”৷

গতিকে এই সিদ্ধান্তক আদৰণি জনাইছে জুবিন পত্নী গৰিমাই এগৰাকী প্ৰতিষ্ঠিত ফেশ্যন ডিজাইনাৰ গৰিমা গাৰ্গে নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ সন্দৰ্ভতো মন্তব্য কৰে ৷ গৰিমাই কয় “ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাজ্যখনৰ শিল্পী সাহিত্যিকৰ লগতে  সকলো জাতীয় সংগঠন আৰু  ৰাইজ আন্দোলনত জপিয়াই পৰিছিল৷ কিন্তু শেহতীয়াকৈ কা বিৰোধী সংগঠনসমূহে পৃথকে পৃথকে আঞ্চলিক দল জন্ম দিছে যদিও এই কাৰ্যই কাকো লাভাম্বিত নকৰিব৷”

আনহাতে ৰাজ্যৰ কৃষি আৰু এখন বজাৰ নিজৰ হাতত ৰাখি আৰু মধ্যভোগী শ্ৰেণীটোৰ বিলোপ ঘটাব লাগিব বুলি উল্লেখ কৰি থলগিৰি নামৰ প্ৰতিষ্ঠানটোৰ স’তে একেলগে কাম কৰিবলৈ চেষ্টা কৰা বুলিও গৰিমাই জানিবলৈ দিয়ে৷ মধ্যভোগী শ্ৰেণীটোৰ বিলোপ ঘটাই নিজৰ অৰ্থনীতি নিজৰ হাতত ৰাখিবলৈ  বজাৰ দখল কৰাৰ বাবে ৰাজ্যৰ নতুন প্ৰজন্মক কৃষি কৰ্মত নিয়োজিত হ’বলৈও জুবিন পত্নী গৰিমাই আহ্বান জনায়৷

শেহতীয়াকৈ ক’ভিডৰ কাৰণে বন্ধ হৈ থকা ছবিগৃহসমূহ চৰকাৰে মুকলি কৰিবলৈ নিৰ্দেশ দিছে যদিও পৰিবেশ এতিয়াও সুস্থিৰ হোৱা নাই বুলি মন্তব্য কৰি গৰিমাই ছবি নিৰ্মাণৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে৷

Exit mobile version