হোজাইৰ পূব যমুনা গাঁৱত নৃশংস হত্যাকাণ্ড

WhatsApp Image 2020 10 20 at 8.34.11 PM

আজি বিয়লি প্ৰায় ৫ বজাত হোজাই জিলাৰ পূব যমুনাগাঁৱত সংঘটিত হোৱা এক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷পাৰিবাৰিক কন্দলৰ পৰিণতিতে স্বামী নুৰু মিঞাই পত্নী ৰেশ্বমিনা বেগমক দাৰে ঘপিয়াই হত্যা কৰে৷ নুৰু মিয়াই ঘৰৰ চোতালতে পত্নীৰ ডিঙিৰ পিছফালে উপৰ্যুপৰি আক্ৰমণ কৰে৷ যাৰ ফলত মহিলাগৰাকী মাটিত ঢলী পৰে৷

কিন্তু নুৰ মিয়াঁই মাটিত পৰাৰ পাছতো পত্নীৰ ডিঙিত ঘপিয়াই শিৰচ্ছদ কৰে৷হত্যাকাণ্ড সংঘটিত কৰি নুৰ মিয়াই পলাবলৈ চেষ্ঠা কৰে যদিও  ক্ষুব্ধ ৰাইজে আবদ্ধ কৰি গছত বান্ধি থয় ৷ ঘটনাক কেন্দ্ৰ কৰি যমুনাগাঁঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃৃৃৃষ্টি হয় ৷ পাছত আৰক্ষীয়ে আহি ক্ষত-বিক্ষত ৰেশ্বমিনাৰ মৃতদেহ উদ্ধাৰ কৰা লগতে হত্যাকাৰী স্বামীক কৰায়ত্ব কৰি থানালৈ লৈ যায়৷

Exit mobile version