প্ৰথম পৰ্যায়ত ৩কোটি লোকক দিয়া হ’ব কৰ’নাৰ ভেকচিনঃ স্বাস্থ্য মন্ত্ৰণালয়

WhatsApp Image 2020 10 21 at 2.46.31 PM

ভাৰতে প্ৰথম পৰ্যায়ৰ কৰ’নাৰ ভেকচিন মুঠ ৩ কোটি লোকক দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে ৷প্ৰথম পৰ্যায়ত চিকিৎসক, অন্যান্য চিকিৎসাকৰ্মী আৰু জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মীসকলক ক’ভিডৰ ভেকচিন প্ৰদান কৰা হ’ব।

আনহাতে, স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা অনুসৰি প্ৰথম পৰ্যায়ৰ কৰ’নাৰ ভেকচিন ২০২১ চনৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখযোগ্য যে, স্বাস্থ্য মন্ত্ৰী ড° হৰ্ষবৰ্দ্ধনে ২০২১ চনৰ প্ৰথম পৰ্যায়তে দেশত কৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুত হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে।

লগতে মংগলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশক সম্বোধন কৰি দিয়া ভাষণত দেশৰ চিকিৎসা বিজ্ঞানীসকলে কৰ’নাৰ ভেকচিন প্ৰস্তুত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰিছে ৷

Exit mobile version