চিৰাঙৰ ছাপাগুৰি চাৰিআলিত ট্ৰেফিক পইন্টত বিগত এবছৰে নাই ট্ৰেফিক ছিগনেল লাইট

WhatsApp Image 2020 10 22 at 1.09.14 PM

চিৰাঙৰ ছাপাগুৰি চাৰিআলিত ট্ৰেফিক পইন্টত বিগত এবছৰে ট্ৰেফিক ছিগনেল লাইট নোহোৱা কাৰণে ব্যাপক যান বাহনৰ সমস্যাত ভূগিছে অঞ্চলবাসীয়ে।বিগত এবছৰৰ পৰা সদাব্যস্ত ছাপাগুৰিত ট্ৰেফিক ছিগনেল পইন্ট,নিশাৰ লাইট আদি বিকল হৈ থকাৰ কাৰণে প্ৰতিদিনেই দুৰ্ঘটনা সংঘটিত হৈছে৷

আনহাতে ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ বঙাইগাঁও জিলাৰ ৰাখালডুবি তিনিআলি,চিৰাঙৰ চাপাগুৰি চাৰিআলি,কুকুৰমাৰীৰ বেংতলগেট, ঢালিগাঁও মেইনগেট, কাজলগাঁও, সুন্দৰি, ছিদলী, কালিকত্ৰা আৰু স‍্যামথাইবাৰী তিনি আলিতো ট্ৰেফিক ছিগনেল পইন্ট এবছৰ জনসাধাৰাৰণক হাৰাশাস্তি কৰি আহিছে। ইপিনে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে ঠায়ে ঠায়ে টোল গেট বহুৱাই জনসাধাৰণক লুটিছে যদিও ৰাষ্ট্ৰীয় ঘাই পথৰ মেৰামতি তথা ইয়াৰ ট্ৰেফিক ছিগনেল পইন্ট আদিৰ মেৰামতিৰ প্ৰতি অনীহা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বঙাইগাঁও মণ্ডল বিষয়া জ‍্যোতি লহকৰে কয় যে বঙাইগাঁওৰ মনোজ হৰলালকা নামৰ ঠিকাদাৰ জনে কাম নকৰি মইমতালি কৰিছে। প্ৰাধিকৰণৰ পৰা কামৰ বাবে হেঁচা দিলেই মন্ত্ৰী বা আন কোনোবা শীৰ্ষ বিষয়াৰ পৰা লিখিত আনি দিয়ে যাৰ ফলত আমাৰ ক’বলগীয়া নাথাকে বুলি জনায় বিষয়াজনে ৷

লগতে জ্যোতি লহকৰে কয় যে মনোজ হাৰলালকা নামৰ ঠিকাদাৰ জন শাসকীয় কে’বাজনো মন্ত্ৰীৰ সৈতে ঘনিষ্ঠ বাবেই তেওঁৰ বিৰুদ্ধে কোনো কঠোৰ ব‍্যৱস্থা ল’ব পৰা নাযায়। সেয়ে তেওঁ সংবাদ মাধ‍্যমৰ সহায় বিচাৰে। আমি সংবাদ মাধ‍্যমৰ পৰা ঠিকাদাৰ মনোজ হৰলালকাৰ সৈতে যোগাযোগ কৰাত লগ নিদিয়ে যদিও জনায় যে দিল্লী আৰু কলিকতাৰ পৰা কাৰিকৰী লোক আহি ট্ৰেফিক ছিগনেল নিৰ্মাণ কৰিব কিন্তু কৰ’নাৰ বাবে আহিব পৰা নাই ।

কিন্ত কৰ’নাৰ এই তলাবন্ধ আৰম্ভ হোৱাৰ ছমাহ পূৰ্বৰে পৰা অৰ্থাৎ এবছৰতকৈ অধিক সময়ৰ পৰা এইসমূহ ট্ৰেফিক লাইট আৰু ছিগনেল বিকল হৈ আছে। গতিকে দুৰ্গাপূজাৰ সময়ত দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ পৰিপ্ৰক্ষিততে অনতিপলমে ট্ৰেফিক চিগনেলসমূহ মেৰামতি কৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে ।

Exit mobile version