আজি মহা অষ্টমী । কৰ’না মহামাৰীৰ ভয়াবহতাৰ মাজতে অন্য কেইবছৰৰ দৰে বোকাখাত শ্ৰী শ্ৰী কাক গোসাঁনী চাতনি থানতো মহামায়াৰ ওচৰত ভক্তই হাঁহ, পাৰ,চাগলী আৰু ম’হ বলি আগবঢ়ায়। থান পৰিচালনা সমিতিয়ে চৰকাৰৰ নীতি নিয়ম পালন কৰি পূজাৰভক্তক চেনিটাইজ, শৰীৰৰ উষ্ণতা জোখাৰ লগতে মাস্ক বিহীন ভক্তক মাস্ক প্ৰদান কৰি থানলৈ প্ৰবেশৰ ব্যৱস্থা কৰে।বোকাখাতৰ ইতিহাস প্ৰসিদ্ধ মহামায়া শ্ৰী শ্ৰী কাক গোসানী চাতনি থানত আজি মহা অষ্টমী দিনা ৩০টা ছাগলী, ১৫০টা হাঁহ আৰু ১টা ম’হ বলিৰে ভগৱতীক আৰাধনা কৰে।
ADVERTISEMENT




































