চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ৮০ৰ ঊৰ্দ্ধৰ এগৰাকী বৃদ্ধা

CamScanner 10 26 2020 10.39.56 1

মানকাচৰৰ ৮০ ৰ ঊৰ্দ্ধৰ এগৰাকী বৃদ্ধা, আজি পৰ্যন্ত কোনো চৰকাৰী আঁচনিৰ পৰা সাহায্য পোৱা নাই বৃদ্ধাগৰাকীয়ে । দক্ষিণ শালমৰা মানকাচৰ জিলাৰ মানকাচৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম গাঁও পঞ্চায়তৰ মিয়াপাৰা গাঁৱৰ ৮০ৰ ঊৰ্দ্ধৰ ফিৰোজা বেগম নামৰ বৃদ্ধা গৰাকীয়ে এক জৰাজীৰ্ণ গৃহত বাস কৰি আহিছে । ৰ’দ বৰষুণৰ মাজতো উৰুখা পজাটোত অতি কষ্টৰে বসবাস কৰি আহিছে বৃদ্ধাগৰাকীয়ে ।

আনহাতে, আজি পৰ্যন্ত কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা দুৰ্ভগীয়া বৃদ্ধাগৰাকীয়ে আনৰ ঘৰত ভিক্ষা কৰি যিকেইটা পায় তাৰে কোনোমতে খায় যদিও কেতিয়াবা লঘুণে পাৰ কৰিবলগীয়া হয় । সেয়ে স্থানীয় ৰাইজে বৃদ্ধাগৰাকীৰ প্ৰয়োজনীয় ব্যৱস্থা আৰু সাহায্য আগবঢ়াবলৈ জনপ্ৰতিনিধি আৰু প্ৰশাসনক আহ্বান জনায় ।

Exit mobile version