বিধায়ক শ্বেৰমান আলিৰ মিঞা মিউজিয়ামৰ প্ৰস্তাৱৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক পদ্ম হাজৰিকাৰ

IMG 20201025 212331

বিধায়ক শ্বেৰমান আলিৰ মিঞা মিউজিয়ামৰ প্ৰস্তাৱৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই । জামুগুৰিহাটৰ পৰিদৰ্শন বাংলাত আজি অনুষ্ঠিত এক সংবাদমেল যোগে বিধান সভাৰ বিভাগীয় সংসদীয় কমিটিত বিধায়ক গৰাকী উপস্থিত থকা বুলি একাংশ ৰাজনৈতিক ব্যক্তিয়ে মন্তব্য কৰা বিষয়ক লৈ বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তালিকাত পদ্ম হাজৰিকাৰ নামটোক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ নিজৰ স্থিতি স্পষ্ট কৰে ৷

সংবাদমেলত বিধায়ক গৰাকীয়ে মন্তব্য আগবঢ়ায় এনেদৰে – “মোৰ নাম তালিকাত আছে যদিও মই কোনো বৈঠকত উপস্থিত নাই আৰু শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰাহলয় স্থাপনৰ প্ৰস্তাৱো দিয়া নাই ৷ মই উপস্থিত নথকাকৈয়ে মোৰ নামটো একাংশ সংবাদক্ষেত্ৰত প্ৰকাশ কৰাত মই আশ্চৰ্য প্ৰকাশ কৰিছো ৷ মই উপস্থিত থকা কোনো সভাত মিঞা সংগ্ৰাহলয়ৰ প্ৰস্তাৱ লবলৈ নিদিও ৷”

বিধায়ক গৰাকীয়ে লগতে কয় – শ্বেৰমান আলিয়ে আমাৰ বৰঘৰত হাত দিয়াৰ সাহস গোটাইছে ৷ খিলঞ্জীয়াৰ অস্তিত্ব বিঘ্নিত হ’ব পৰা কোনো কাৰ্য আমি এইখন অসমত হ’বলৈ নিদিওঁ ৷ অসমৰ সকলো দল সংগঠন এনে কাৰ্যৰ বিৰোধীতাৰে ওলাই নাহিলে অসমৰ অস্তিত্ব বিপন্ন হোৱাটো নিশ্চিত ৷ অজিত ভূঞাৰ দৰে এজন সাংসদে বদৰুদ্দিনৰ দৰে মানুহক মুখ্যমন্ত্ৰী হোৱাত আপত্তি নাই বুলি কোৱা বিষয়টোত মই এজন ভাল অসমীয়া হিচাপে লজ্জিত অনুভৱ কৰিছো ৷

Exit mobile version