“দুগজ দূৰত্ব বৰ্তাই ৰাখি মাস্ক পৰিধান কৰক”

WhatsApp Image 2020 10 28 at 12.06.31 PM

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰত অনুষ্ঠিত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ সময়ছোৱাত বৃহৎ সংখ্যক লোকৰ সমূহৰ পৰা আঁতৰি থাকিবলৈ আৰু কৰ’নাৰ সাৱধানতা অৱলম্বন কৰি নিৰ্দিষ্ট নীতি নিয়ম মানি চলি মাস্ক পৰিধান কৰিবলৈ সকলোকে অনুৰোধ জনায় । বিহাৰ বিধানসভা নিৰ্বাচন দেশৰ প্রথমটো বিধানসভা নিৰ্বাচন, যি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ছোৱাত অনুষ্ঠিত হৈছে ।

এই সন্দৰ্ভত মোদীয়ে টুইট কৰি লিখে যে, আজি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথমটো পৰ্ব। ক’ভিড সম্পৰ্কীয় সতৰ্কতা অৱলম্বন কৰি এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ মই সকলোকে অনুৰোধ জনাইছো। দুই গজ দূৰত্ব বৰ্তাই ৰখাত ধ্যান দিব আৰু মাস্ক পৰিধান কৰিব ।

উল্লেখ্য যে, কৰ’না পৰিস্থিতিৰ মাজতে আজি ৭১ খন আসনৰ বাবে আৰম্ভ হৈছে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । কৰ’নাৰ সংক্ৰমণৰ পৰা ভোটাৰৰ সুৰক্ষাৰ স্বাৰ্থত ভোট দানৰ সময় পুৱা ৭ বজাৰ পৰা আৰম্ভ কৰি সন্ধিয়া ৬ বজালৈ অৰ্থাৎ এঘন্টা বৃদ্ধি কৰিছে । আনহাতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২ কোটিৰো অধিক ভোটাৰে ১,০৬৬ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ।

Exit mobile version