দুষ্প্ৰাপ্য আঙুঠি হীৰাৰ আঙুঠি এটা এতিয়া আৰু দুষ্প্ৰাপ্য অথবা দুৰ্লভ হৈ থকা নাই । সামান্য সঞ্চয় কৰিলেই যিকোনো এজন লোকে অন্যতম মূল্যবান সম্পদ হিচাপে এটি হীৰাৰ আঙুঠি ক্ৰয় কৰিব পাৰে। সম্প্ৰতি হীৰাৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ মাজতে হাইদৰাবাদৰ এজন সোণৰ ব্যৱসায়ীয়ে বনোৱা এটা আঙুঠিত থকা হীৰাৰ সংখ্যাই সকলোৰে চকু কপালত তুলিবলৈ সক্ষম হৈছে । শ্ৰীকান্তে পদুমফুলৰ ৰূপত বনোৱা আঙুঠিটোত মুঠ ৭৮০১ টা হীৰা সংলগ্ন কৰিছে । শ্ৰীকান্তৰ এই সৃষ্টিয়ে বিশ্ব অভিলেখৰ সৃষ্টি কৰিছে। হিমালয়ত পোৱা ব্ৰহ্মকমল নামৰ দুষ্প্ৰাপ্য ফুলৰ অনুপ্ৰেৰণাতে শ্ৰীকান্তে নিজৰ সৃষ্টিক বাস্তৱ ৰূপ দিছে । মুঠ ছটা পৰ্যায়ত আঙুঠিটোৱে পূৰ্ণতা লাভ কৰিছে। বিশ্ব দৰবাৰত এই স্বীকৃতি লাভ কৰি স্বাভাৱিকতে আনন্দিত শ্ৰীকান্ত। শ্ৰীকান্তে নিজৰ গহনাৰ বিপনীত যোৱা ২০ অক্টোবৰৰ পৰা আঙুঠিটো দৰ্শনৰ বাবে ৰাখিছে । আঙুঠিটো দেখাৰ পাছত সকলোৰে মনত মূল্যক লৈ প্ৰশ্ন উত্থাপন হৈছে । এই ক্ষেত্ৰত অৱশ্যে শ্ৰীকান্তে মৌনতা অৱলম্বন কৰি আছে ।
বিশ্ব দৰবাৰত স্বীকৃত হ’ল ব্ৰহ্মকমলৰূপী ৭৮০১ টা হীৰা সংলগ্ন আঙুঠি
-
By publisher

ADVERTISEMENT
Related Content
National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ
By
publisher
May 13, 2025
কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে
By
publisher
May 13, 2025
Panchayat Election Results Update:বিৰোধীৰ ৰথী-মহাৰথীৰ ভেটিত কঁপনি তুলি পঞ্চায়তত বিজেপিৰ জয়
By
publisher
May 13, 2025
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025