গোসাঁইগাৱঁত মৰ্মান্তিক ঘটনা

5f6f4a7e 02c4 45c1 914c 5488b7d5516b

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তুলসীবিলত হৃদয়বিদাৰক, মৰ্মান্তিক অঘটন ।

একেটা পৰিয়ালৰ পাঁচজনকৈ ব্যক্তিৰ আত্মহত্যা ।

ঘৰৰ একেটা কোঠালীতে চিপজৰীলৈ সমূহীয়া আত্মহত্যা পাঁচোজন ব্যক্তিৰে ।

তুলসীবিল বজাৰৰ গাতে লাগি থকা নিজ বাসগৃহত নিৰ্মল পাল (৫২), তেওঁৰ পত্নী মল্লিকা পাল (৪৫), আৰু তিনি জীয়ৰী ক্ৰমে পূজা পাল (২৫), নেহা পাল (১৭) আৰু স্নেহা পালে (১৫) চিপজৰী লৈ আত্মহত্যা কৰে ।

ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া নিৰ্মল পালৰ বৰ জীয়ৰী পূজা বিজ্ঞানৰ স্নাতক আছিল। আনহাতে মাজু আৰু কনিষ্ঠা কন্যা অধ্যয়নৰত আছিল ।

আৰ্থিক দীনতাত ভোগা পৰিয়ালটোৰ আত্মহত্যাৰ কাৰণ অদ্যাপী অজ্ঞাত যদিও অসমৰ্থিত সূত্ৰৰ খবৰ অনুসৰি পৰিয়ালৰটো ঋণগ্ৰস্ত হৈ আছিল ।

আজি পুৱাৰ ভাগত ঘটনা পোহৰলৈ অহাৰ পিছত সমগ্ৰ অঞ্চল জুৰি প্ৰচণ্ড হুৱা-দুৱা লাগে ।

ঘটনাস্থলীত ইতিমধ্যে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশণ, গোসাঁইগাঁৱৰ মহকুমা আৰক্ষী বিষয়া সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ লগতে অন্যান্য আৰক্ষী বিষয়াসকল উপস্থিত হোৱাৰ লগতে তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

তদন্ততহে আত্মহত্যাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব বুলি আৰক্ষী সূত্ৰৰ সদৰী ৷

ইতিমধ্যে মৃতদেহসমূহ পোষ্টমৰ্টেমৰ বাবে ইতিমধ্যে কোকৰাঝাৰলৈ প্ৰেৰণ ।

Exit mobile version