আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেন জৰ্জিয়া আৰু পেনচিলভেনিয়াত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পক অতিক্ৰম কৰি আগবাঢ়িছে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ দিশেৰে আগবাঢ়ি যোৱা জ’ বাইডেনে কয় “আমি জয়ী হোৱাৰ দিশেৰে আগবাঢ়িছো৷আমি প্ৰায় ৩০০ ইলেক্ট’ৰেল ভোট লাভ কৰাৰ পথত আগবাঢ়িছো।”
জ’ বাইডেনে শুক্ৰবাৰে কয় যে ৰাষ্ট্ৰপতি পদৰ দায়িত্ব লোৱাৰ লগে লগে কৰ’না ভাইৰাছক নিয়ন্ত্ৰণ কৰাৰ সকলো পদক্ষেপ গ্ৰহণ কৰিব ৷
বাইডেনে গৃহচহৰত কয় “মই বিচাৰো যে কৰ’নাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি যিসমূহ পদক্ষেপ হাতত ল’ম ৷তাৰ বিষয়ে সকলোকে জনোৱা হ’ব। আমি এই ভাইৰাছক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে প্ৰথম দিনৰ পৰাই আঁচনি নিৰ্মাণ কৰিম ৷” জ’ বাইডেনৰ বিশ্বাস যে তেওঁ ড’নাল্ড ট্ৰাম্পক পৰাজয় কৰিব ৷
বাইডেনে লগতে আমেৰিকাক একত্ৰিত কৰাৰ সংকল্প লয়। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰ লগতে আমেৰিকাতো কৰ’নাই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷ইয়াৰ মাজতে কৰ’নাক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বাইডেনৰ মন্তব্য তাৎপৰ্যপূৰ্ণ হৈ উঠিছে ।