ভৱিষ্যতৰ ‘ট্ৰেজেডি’ক মই ‘কমেডি’ কৰিছো আত্মনিৰ্ভৰ দৰা

122735081 128315475410971 133232081579062233

এবছৰ পূৰ্বেই বাগদান পৰ্ব সম্পন্ন হৈছিল । যোৱা অক্টোবৰত বিয়াখন হোৱাৰ কথা আছিল । দৰা-কইনাৰ দুয়োটা পৰিয়াল প্ৰস্তুতিত মগ্ন আছিল; কিন্তু এনে প্ৰস্তুতিৰ মাজতে বিচ্ছেদ হ’ল দৰা-কইনাৰ । এজনে আনজনক জনাই দিলে এই বিয়া আৰু নহ’ব । দৰা-কইনাৰ মাজত বিচ্ছেদৰ সৃষ্টি হ’লেও কিন্তু নিৰ্ধাৰিত সূচী অনুসৰীয়েই সম্পন্ন হ’ল বিয়াখন । বিয়াখন কইনা অবিহনেই সম্পন্ন হ’ল । দৰাই নিজকে নিজে বিয়া কৰালে । দৰাজনৰ নাম ডিয়েগ’ ৰাবেল’ । যোৱাটো নৱেম্বৰত বান্ধবী ভিটো বুয়েন’ৰ সতে বাগদান পৰ্ব সম্পন্ন কৰিছিল । ইয়াৰ মাজতে দুয়োৰে সম্পৰ্কত জটিলতাৰ সৃষ্টি হয় ।

যোৱা জুলাইত দুয়োৰে মাজত সৃষি হোৱা বিবাদৰ পাছত ভিটোৱে বিবাহত নবহে বুলি জনাই দিয়ে । ফলত ডিয়েগ’ হতাশ হৈ পৰে; কিন্তু এমাহ পূৰ্বে ডিয়েগ’ৱে হঠাতে বিয়াত বহাৰ সিদ্ধান্ত লয় । পূৰ্ব নিৰ্ধাৰিত দিনতে বিয়াত বহিব বুলিও স্থিৰ কৰে ডিয়েগ’ৱে । সেই অনুসৰি বাহিয়াৰ ইটাকেয়াৰ ৰিজৰ্টত বিয়াৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হয় । নিজেই নিজৰ লগত সম্পন্ন কৰে বিবাহৰ আনুষ্ঠানিকতা । স্বাভিৱকতে বিয়াত ভিটো অথবা ভিটোৰ পৰিয়ালৰ কোনো উপস্থিত নাছিল ।

নিজৰ বিয়াৰ সন্দৰ্ভত ডিয়েগ’ৱে কয়, ‘এইটো মোৰ জীৱনৰ সবাটোকৈ আনন্দৰ দিন। যাক মই জীৱনত সমাতোকৈ ভাল পাওঁ তেওঁ মোৰ লগতে আছে । আজি মই এনে এটা বস্তুক উদযাপন কৰিছো পৰৱৰ্তী সময়ত হয়তো ই ‘ট্ৰেজেডি’ হ’লহেঁতেন, কিন্তু সেইতোক মই ‘কমেডি’ কৰিছো । মই ইয়াৰ দ্বাৰা এটা কথাকে জনাব বিচাৰিছো যে মই সুখী হ’বলৈ একমাত্ৰ বিয়াৰ ওপৰতে নিৰ্ভৰ নকৰো । হয়, মই আন কাৰোবাক বিয়া কৰাব বিচাৰিছিলো । আমি সন্তানৰো সপোন দেখিছিলো; কিন্তু সেয়া নহ’ল বুলি কেতিয়াও মনত অশান্তিৰ সৃষ্টি হ’বলৈ দিয়া নাই ।’

নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত বিয়াৰ অনুষ্ঠানৰ ছবি আৰু ভিডিঅ’ প’ষ্ট কৰিছে ডিয়েগ’ৱে । ছ’চিয়েল মিডিয়াত অৱশ্যে নিজকে নিজে বিয়া কৰোৱাৰ বাবে সমৰ্থনো লাভ কৰিছে ডিয়েগ’ৱে । নিজে কৰা কামৰ বাবে পশংসাও লাভ কৰিছে এই ব্যতিক্ৰমি পুৰুষজনে । এইদৰেই নিজকে লৈ আত্মনিৰ্ভৰতাৰ নিদৰ্শন দাঙি ধৰিলে ডিয়েগ’ৱে ।

Exit mobile version