বিহাৰ নিৰ্বাচনৰ শেহতীয়া ফলাফলঃ অনিশ্চয়তাৰ মাজত নীতিশ কুমাৰৰ ৰাজনৈতিক ভৱিষ্যত

936551 bihar election results 2020

বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিস্থিতি সম্প্ৰতি উত্তেজনাৰে ভৰপূৰ হৈ পৰিছে ৷ সম্প্ৰতি মহাজোঁটবন্ধন আগবাঢ়ি আছে ১০৩খন আসনত। NDA খন আসনত ১২৭ আগবাঢ়ি আছে। LJP আগবাঢ়ি আছে ৪ খন আসনত আৰু অন্যান্য আগবাঢ়ি আছে ৭ খন আসনত ।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দলৰ প্ৰবক্তা কে চি ত্যাগীয়ে কয়” ব্ৰেণ্ড নীতিশ কুমাৰো নিৰুদ্দেশ হোৱা নাই। অথবা তেজস্বী যাদৱো স্থাপিত হোৱা নাই। সম্প্ৰতি বিহাৰত NDA আৰু মহাজোঁটবন্ধনৰ মাজত ভোট গণনাক লৈ তীব্ৰ উত্তেজনা দেখা গৈছে। আনহাতে এই যুদ্ধ ইমানেই শক্তিশালী হৈ পৰিছে যে ইয়াৰ পৰিণাম কি হ’ব তাক লৈও সকলো সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।

ইপিনে কে চি ত্যাগীয়ে লগতে কয় ” আমি তেজস্বী যাদৱৰ লগত নহয় দুৰ্যোগৰ লগতেহে পৰাজয় হৈছো৷ “

আনহাতে কে চি ত্যাগীয়ে চিৰাগ পাছৱানকো দোষী সাব্যস্ত কৰিছে ৷৩৪ বছৰীয়া চিৰাগ পাছৱানে নীতিশ কুমাৰক অন্যতম অনুৰাগী যদিও বিহাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত দুয়োজনৰ মাজত বাক বিতণ্ডতা দেখা গৈছিল।

উল্লেখযোগ্য যে ৬৯ বয়সীয়া নীতিশ কুমাৰে অনাগত সময়ত ইতিহাসৰ সৃষ্টি কৰি চাৰি নম্বৰৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে যদিও নীতিশ কুমাৰৰ এই আশা বাস্তবত পৰিণত হয় নে নহয় সেয়া সময়েহে ক’ব।

Exit mobile version