ভুৱা টিআৰপিৰ অভিযোগত ৰিপাব্লিক টিভিৰ ঘনশ্যাম সিঙক গ্ৰেপ্তাৰ

WhatsApp Image 2020 11 10 at 4.31.47 PM

ভুৱা টিআৰপিৰ অভিযোগত আজি ৰিপাব্লিক টিভিৰ বিতৰণ প্ৰমুখ ঘনশ্যাম সিঙক গ্ৰেপ্তাৰ কৰে । মঙলবাৰে তেওঁক আদালতত লৈ যোৱা হ’ব বুলি সূত্ৰত প্ৰকাশ । ইয়াৰ আগেয়ে মুম্বাই আৰক্ষীয়ে একে গোচৰত ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছিল ।

টি আৰ পি কেলেংকাৰীত এতিয়ালৈকে মুঠ ১২ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে কোৱা মতে, নিজৰ চেনেল চাবলৈ টি ৰ পি মেচিন সংলগ্ন কৰি কিছু গ্ৰাহকক টকা দিছিল ৰিপাব্লিক টিভিয়ে। কিন্তু মুম্বাই আৰক্ষীৰ এই অভিযোগ অস্বীকাৰ কৰিছে ৰিপাব্লিক টিভিয়ে ।

ৰিপাব্লিক টিভিয়ে ওলোটাই অভিযোগ কৰে যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাত মুম্বাই আৰক্ষীৰ ভূমিকাত প্রশ্ন উত্থাপন কৰাৰ বাবে এই ষড়যন্ত্ৰ কৰা হৈছে ।

Exit mobile version