ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত পুনৰ আছুৰ পৰা অৱসৰৰ ঘোষণা কৰিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য‌ই

WhatsApp Image 2020 11 11 at 10.04.26 AM

পুনৰ আছুৰ পৰা অৱসৰৰ ঘোষণা কৰিলে কেন্দ্ৰীয় মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য‌ই । ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন উপলক্ষে মঙলবাৰে আছু নেতাগৰাকীয়ে ওদালগুৰিত উপস্থিত হৈ কয় যে, “বিগত দুখনকৈ অধিৱেশনত আছুৰ মজিয়াৰ পৰা অৱসৰ লোৱাৰ কথা চিন্তা চৰ্চা কৰিছিলো যদিও সংগঠনৰ নেতা-কৰ্মীৰ আহ্বানক সহাৰি জনাই বৰ্তমানলৈ সংগঠনৰ হৈ কাম কৰি আহিছো । কিন্তু এইবাৰ দুলিয়াজান অধিৱেশনত ম‌ই অৱসৰ লোৱাটো ইতিমধ্যে ঘোষণা কৰিছো ।” আগন্তুক দিনত শেষ নিশ্বাস থকালৈ দলীয় ৰাজনীতিৰ বাহিৰত থাকি আছুৰ হৈ সেৱা থাকিব বুলিও আছুৰ নেতাগৰাকীয়ে উল্লেখ কৰে ।

ইপিনে একেখন সভাতে উপস্থিত থাকি আছুৰ কেন্দ্ৰীয় সভাপতি দিপাংক কুমাৰ নাথে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে আছুলৈ এচাম লোক আহে আৰু এচাম ওলাই যায়। এয়া এক গতানুগতিক প্ৰথা। ইয়াৰে এচামে ৰাজনৈতিক দললৈও যাব পাৰে বা ব্যক্তিগত জীৱনত অন্য কামৰ দিশে অগ্ৰসৰ হব পাৰে । ইফালে আছুৰ মজিয়াত জন্ম লাভ কৰা এজেপি নামৰ সংগঠনটোলে বৰ্তমানৰ সংগঠনটোৰ কেন্দ্ৰীয় ৬০ গৰাকী সদস্যৰ পৰা মাত্ৰ দহজনমান সদস্যহে যাব বুলি নাথে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ।

ইফালে আছুৰ মজিয়াৰ পৰা ৰাজনৈতিক দল গঠন সন্দৰ্ভত আছুৰ মজিয়াত অসন্তুষ্টিৰ সৃষ্টি হৈছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত সভাপতি নাথে কয় যে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকত লোৱা এটা সিদ্ধান্ত আছুৱে কেৱল ৰূপায়নহে কৰিছে । গতিকে আমাৰ মুখ্য উপদেষ্টাগৰাকীয়ে পূৰ্বৰে পৰা ৰাজনীতি নকৰে বুলি উল্লেখ কৰি আহিছে । বিগত ৩০ বছৰে তেওঁ নেতৃত্ব দি আহিছে । সেই সময়চোৱাত তেওঁ দলীয় ৰাজনীতিত যোগদান নকৰে বুলি কৈ আহিছে যিহেতু এই বিষয়টো প্ৰশ্নৰ বিষয় নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ।

Exit mobile version