অৱশেষত প্ৰশাসনৰ হেচাঁত বাধ্য হৈ মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ কৰিব লগা হল লায়লাপুৰৰ ৰাইজে ৷ মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ আজি সমাপ্তি ঘটিল ৷ যোৱা ১৫ দিনৰ পিছত আজি সন্ধিয়া শতাধিক যানবাহন মিজোৰাম অভিমুখে ৰাওনা হ’ল ৷
সম্প্ৰতি অৱৰোধকাৰীৰ এনে ৰহস্যজনক সিদ্ধান্তত বহু প্ৰশ্ন উত্থাপিত হৈছে ৷ কাৰণ মিজোৰামে অসমৰ ভূমি এৰি নিদিয়ালৈকে অৰ্থাৎ অনিৰ্দিষ্ট কালৰ বাবে এই অৰ্থনৈতিক অৱৰোধ কৰিছিল লায়লাপুৰৰ ৰাইজে ৷ আনহাতে আজি দুপুৰীয়া আন্দোলনকাৰীৰ লগতে কাছাৰ জিলা প্ৰশাসন আৰু মিজোৰামৰ প্ৰশাসনৰ এখন বৈঠকৰ পাছত আন্দোলনকাৰীসকলে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰখাৰ কথা সদৰী কৰিছিল৷
কিন্তু বৈঠকৰ ৩ ঘণ্টা পাছত আন্দোলনকাৰীসকলে তেওঁলোকৰ স্থিতি সলনি কৰি অৱৰোধ প্ৰত্যাহাৰৰ সিন্ধান্ত গ্ৰহণ কৰে। আন্দোলনকাৰীৰ এনে ৰহস্যজনক স্থিতিক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।