বটদ্ৰৱা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত চলিছে দুৰ্নীতি

WhatsApp Image 2020 11 12 at 8.29.41 PM

সম্প্ৰতি দুৰ্নীতিৰ স্থলীত পৰিণত হৈছে ৰাজ্যৰ সমাজ কল্যাণ বিভাগ । নগাঁও জিলা সমাজ কল্যাণ বিভাগত সংঘটিত ব্যাপক কেলেংকাৰিয়েই এতিয়া উদঙাই দিছে বিভাগটোৰ ফোপোলা স্বৰূপ । যি কথা আজি নিজ মুখেই স্বীকাৰ কৰিলে বিভাগীয় মন্ত্রী প্ৰমীলাৰাণী ব্ৰহ্মই। এই ঘটনাক কেন্দ্র কৰি বৰ্তমান সমগ্র জিলাতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, ধিঙস্থিত বটদ্ৰৱা সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত বিগত এটা বছৰে পৰি ৰৈছিল শাৰীৰিক ভাৱে অক্ষম লোকৰ বাবে অহা চাইকেল । মুকলিকৈ থোৱাৰ বাবে যোৱা এটা বছৰে ৰ’দে বৰষুণে পৰি থকাৰ পিছত ইতিমধ্যে নষ্টও হবলৈ ধৰিছিল । ধিংৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ এনে দায়িত্বহীন কৰ্ম কাণ্ডৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত দৃষ্টি গোচৰ হৈছিল বিভাগীয় মন্ত্রী প্ৰমীলাৰাণী ব্ৰহ্মৰ ।

আজি ধিঙস্থিত বটদ্ৰৱা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰমীলাৰাণী ব্ৰহ্মই এই বিষয়ে জ্ঞাত নহয় বুলি কৈ কয় যে, যি প্ৰতিষ্ঠানে এনে কাৰ্য কৰিছে তেওঁলোকৰ উদ্দেশ্য হ’ল মুনাফা অর্জন কৰা । আনহাতে, বটদ্ৰৱা সংহত শিশু উন্নয়ন প্রকল্প বিষয়াৰ কাৰ্যলয়লৈ আৱণ্টিত এই সামগ্রী সমূহৰ কোনো তথ্য নাই ৰাজ্যৰ সমাজ কল্যাণ বিভাগত ।

সমগ্র ঘটনা পৰিদৰ্শন কৰি আজি মন্ত্রী প্ৰমীলাৰাণী ব্ৰহ্মই কয়, কোনো ভুৱা প্ৰতিষ্ঠানে দিল্লীৰ পৰা এনে সামগ্রী আনি বটদ্ৰৱা সমাজ কল্যাণ বিভাগত জমা দি লুণ্ঠন চলাইছিল। কিন্তু বটদ্ৰৱা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াই কোনো তথ্য নজনাকৈযে এনে সামগ্রী জমা ৰখাটো ভুল আছিল বুলি স্বীকাৰ কৰে । ৰাজ্যৰ সমাজ কল্যাণ বিভাগত এনে দুৰ্নীতি সংঘটিত হোৱাৰ পিছত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্রহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব ।

Exit mobile version