ৰচীতে সর্পভ্ৰম : ওচৰত বাঘ দেখি ভয়ত পলাল কুকুৰ আৰু বান্দৰৰ দল

image 1 2

একেবাৰে সঁচা ৰূপত দেখা এটা খেলনা বাঘ । বাঘ এটা সন্মুখত দেখিলে বান্দৰ আৰু কুকুৰৰ কেনে প্ৰতিক্ৰিয়া হ’ব পাৰে সেয়া নিশ্চয় আপুনি অনুমান কৰিব পাৰিছে । থাইলেণ্ডৰ এজন ইউটিউবাৰে এই সন্দৰ্ভত বনোৱা এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে।

ভিডিঅ’টো যোৱা সপ্তাহত এঞ্জেল নাগা নামৰ ইউটিউবাৰ জনে নিজৰ ইউটিউব চেনেলত আপলোড দিছিল । ৫০ লাখৰ অধিক লোকে চাইছে ভিডিঅ’টো। ইউটিউবৰ বাহিৰেও অন্যান্য সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে ভিডিঅ’টো ।

ভিডিঅ’টোত খেলনা বাঘটোক এজন লোকে কাপোৰেৰে ঢাকি ৰাখি তাত থকা বান্দৰক খাবলৈ দিয়া দৃশ্য পৰিলক্ষিত হৈছে । ইয়াৰ পিছত লোকজনে বাঘটোৰ কাপোৰখন উঠাই দিয়ে আৰু হঠাৎ ওচৰত বাঘটো দেখা পাই তাত থকা বান্দৰকেইটাই খাবলৈ এৰি ভয়ত পলায়। সঁচা বাঘ বুলি ভাবি বান্দৰকেইটাৰ মুখত ভয় ভাৱ ফুটি উঠা পৰিলক্ষিত হৈছে । একেই প্ৰতিক্ৰিয়া কুকুৰএটাৰো । চাওক ভিডিঅ’টি –

https://youtu.be/dKWUQilBrU8

Exit mobile version