বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য টেড্ৰ’ছ আধান’ম ঘ্ৰেব্ৰিয়াছে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰ’নাৰ ভেকচিন বিতৰণৰ ক্ষেত্ৰত দেখুওৱা দায়বদ্ধতাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে। আধানমে এটা টুইটত কয় “মই COVAX ৰ প্ৰতি থকা দায়বদ্ধতা আৰু কৰ’না ভেকচিনক বিশ্ব ব্যাপি বিতৰণ কৰা প্ৰধানমন্ত্ৰীৰ পদক্ষেপক স্বাগতম জনাইছো ৷কৰ’না মহামাৰী বিশ্ববাসীৰ কাৰণে বৃহৎ প্ৰত্যাহ্বান। গতিকে কৰ’নাৰ নিঃশেষ কৰিবৰ কাৰণে আমি একত্ৰিত হৈ আগবাঢ়ি যাব লাগিব “
বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য ট্ৰেড’ছে লগতে কয় “মুখ্যমন্ত্ৰী সোনোৱালৰ লগত মোৰ ইতিমধ্যে ভেকচিনৰ সন্দৰ্ভত মত বিনিময় হৈছে। মোদীয়ে বিশ্বৰ চিকিৎসাত জ্ঞান,শৌৰ্য্য বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে।
আনহাতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা জাৰি কৰা এক টুইটত ক’ভিড১৯ মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বত সমন্বয় ৰক্ষা কৰিবলৈ সক্ষম হোৱা বিশ্ব স্বাস্থ্য সংস্থাক প্ৰশংসা কৰিছে৷






























