কৰ’না ভাইৰাছৰ মাজত সমগ্ৰ দেশে পালন কৰিছে পোহৰৰ উৎসৱ দেৱালী। দেৱালীৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি ৰামনাথ ক’ৱিন্দে দেশবাসীলৈ জনাইছে অলেখ শুভকামনা। প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে টুইটাৰ যোগে কয় ” সকলো দেশবাসীকে দীপাৱলীৰ অলেখ শুভকামনা ।পোহৰৰ উৎসৱ দেৱালীয়ে সকলোৰে মাজলৈ কঢ়িয়াই আনক সুখ,সমৃদ্ধিৰ লগতে সুস্বাস্থ্য। “
ইয়াৰ পূৰ্বে শুক্ৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ সীমান্ত ৰক্ষাৰ স্বাৰ্থত দিনে নিশাই নিয়োজিত থকা বীৰ জোৱানসকলক বন্তি জ্বলাবলৈ আহ্বান কৰে। লগতে দেৱালী উৎসৱ জোৱানসকলৰ লগত উদযাপন কৰাৰ কথাও সদৰী কৰে।
আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও ৰামনাথ ক’ৱিন্দ,লোকসভাৰ অধ্যক্ষ ওম বিৰলাও দেশবাসীলৈ দেৱালীৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে ।ৰামনাথ ক’ৱিন্দে টুইটাৰ যোগে কয়। “পোহৰ তথা আনন্দৰ উৎসৱ দেৱালীত সকলোলৈ শুভকামনা ।মা লক্ষ্মী আৰু গণেশৰ আৰাধনাৰে এই উৎসৱে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক। আজিৰে এই দিনটোত সকলোৱে খং ,অভিমান, পাহৰি সত্য,প্ৰেম,ভাতৃত্ববোধেৰে এগচি বন্তি জ্বলাই সকলোৰে মাজলৈ একতা কঢ়িয়াই আনক। ইয়াতেই দীপাৱলীৰ সাৰ্থকতা ।
ইপিনে দীপাৱলীৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীয়ে আহ্বান কৰে যে তেওঁলোকে যাতে দেৱালীৰ দিনটোত বীৰ জোৱানসকলৰ সন্মান জনাবলৈ এগচি চাকি জ্বলায়। মোদীয়ে টুইট কৰি কয় ” এই দেৱালীত সীমান্তত নিৰ্ভীকভাবে দেশ ৰক্ষা কৰিবলৈ সদায় জাগ্ৰত থকা সৈনিকসকলৰ কাৰণে এগচি বন্তি জ্বলাওক। আমি সীমান্তত থকা বীৰ জোৱানসকলৰ পৰিয়ালৰ প্ৰতি চিৰ কৃতজ্ঞ ।