অৱশেষত প্ৰদূষণৰ পৰা সকাহ পালে দিল্লীয়ে

WhatsApp Image 2020 11 15 at 9.21.32 PM

আজি বিয়লি অহা এজাক বৰষুণৰ পাছতে স্বস্তিৰ নিশ্বাস পেলাইছে দিল্লীবাসীয়ে। কাৰণ কৰ’নাৰ সমান্তৰালভাৱে দিল্লীত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা। যাৰ কাৰণে ইতিমধ্যে দিল্লীবাসী ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।

অৱশ্যে দিল্লীৰ বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে বিয়লি বৰষুণ অহাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছিল। ইপিনে দিল্লীত প্ৰতিদিনে বৃদ্ধি পোৱা প্ৰদূষণৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ দেৱালীত আতচবাজী জ্বলোৱাত প্ৰতিবন্ধকতা আৰোপ কৰিছিল চৰকাৰে ৷

কিন্তু চৰকাৰৰ সকলো আদেশ অৱজ্ঞা কৰি দিল্লীৰ একাংশ লোকে আতচবাজী জ্বলোৱাৰ কাৰণে প্ৰদূষণৰ মাত্ৰা অত্যাধিক বৃদ্ধি পায়।

কিন্তু আজি বিয়লি অহা এজাক বৰষুণ আৰু বতাহৰ পৰিপ্ৰেক্ষিতত দিল্লীত পুনৰ প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাইছে। লগতে দিল্লীৰ কাষৰীয়া অঞ্চলসমূহতো তাপমান হ্ৰাস পাইছে।

Exit mobile version