শিৱসাগৰৰ ডিমৌমুখত চাঞ্চল্যকৰ ঘটনা

f5d2de9f 534b 4beb 8def c385b36ad13f

বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ দিনতো শিৱসাগৰ জিলাৰ ডিমৌমুখ অঞ্চলত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠাৰ দৰে এক ঘটনা ৷ শনিবাৰে কালি পূজাৰ নৰ বলিৰ বাবে সাজু কৰা পাঁচটি শিশু ৰাইজৰ তৎপৰতাত কথমপি ৰক্ষা পৰে ।

ইপিনে অন্ধ বিশ্বাসৰ বলি হৈ দুই ভাতৃয়ে নিজৰ সন্তানৰ লগতে আন চাৰিটা শিশুক নৰ বলি দিয়াৰ বাবে প্ৰস্তুতি চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে শিৱসাগৰ জিলাৰ ডিমৌমুখত।

ঘটনাৰ বিৱৰণীৰ মতে শিৱসাগৰ জিলাৰ ডিমৌমুখ অঞ্চলত ঘৰৰ বাৰীৰ এজোপা আম গছৰ তলত থকা গুপ্তধনৰ লোভত নিজ সন্তানক বলি দিবলৈ সাজু কৰিছিল জমিৰুল হুছেইন আৰু ছৰিফুল হুছেইন নামৰ দুই ভাতৃয়ে।

ভাতৃদ্বয়ে নিজ পুত্ৰ সন্তানৰ লগতে গাঁৱৰ আৰু চাৰিগৰাকী শিশুক নৰ বলিৰ বাবে প্ৰস্তুতি চলোৱা বুলি গাঁৱৰ ৰাইজৰ আগত স্বীকাৰ কৰিছে।

অৱশ্যে দুয়োগৰাকী অভিযুক্তক স্থানীয় ৰাইজে শিৱসাগৰ আৰক্ষীক চমজাই দিয়ে।

আৰু আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version