এয়াই শেষ নহয় , ২০২১ত আছে আৰু ডাঙৰ বিপদ

WhatsApp Image 2020 11 16 at 1.02.38 PM

২০২০ বৰ্ষটোৰ বিদায় সন্নিকট আৰু এই বছৰটোক যিমান পাৰি সোনকালে পাহৰিবলৈ চেষ্টা কৰিব বিশ্ববাসীয়ে । ইটোৰ পাছত সিটোকৈ বেয়া ঘটনাই বছৰটোত মানুহক হাৰাশাস্তি কৰিছে । বহুতেই হয়তো আশা কৰিছে যে ২০২০ৰ বিদায় হৈ নতুন বছৰ এটা আহিলেই হয়তো মানুহৰ দুৰ্গতি নোহোৱা হ’ব । কিন্তু আগন্তুক বৰ্ষটোও সুখপ্ৰদ নহ’ব বুলিয়ে আগতীয়াকৈ সতৰ্কবাণী শুনালে ন’বেলজয়ী সংগঠনে ।

ৱৰ্ল্ড ফুড প্ৰ’গ্ৰেমৰ শীৰ্ষ বিষয়াই দাবী কৰিছে যে ২০২১ বছৰটো ২০২০তকৈও দুৰ্যোগপূৰ্ণ হ’ব পাৰে । এক সাক্ষাৎকাৰত ৱৰ্ল্ড ফুড প্ৰ’গ্ৰেমৰ কাৰ্যবাহী সঞ্চালক ডেভিদ বেছলীয়ে কয়, ‘ৱৰ্ল্ড ফুড প্ৰ’গ্ৰেমক ন’বেল শান্তি পুৰস্কাৰ প্ৰদান বিশ্বৰ ক্ষমতাশালী ৰাষ্ট্ৰনেতাসকলৰ উদ্দেশ্যে নিঃসন্দেহে এক তাৎপৰ্যপূৰ্ণ বাৰ্তা । ২০২১ত একাধিক দূৰ্ভিক্ষৰ সাক্ষী হোৱাৰ বাবে আগবাঢ়িছে সমগ্ৰ বিশ্বই ।

সেয়া প্ৰতিৰোধ কৰিবলৈ প্ৰচুৰ অৰ্থৰ প্ৰয়োজন আছে । ৰাষ্ট্ৰনেতাসকলে সেয়া বুজিব লাগিব । সময় থাকোতেই ৰাষ্ট্ৰনেতাসকলে পৰিস্থিতি উপলব্ধি কৰিব লাগিব ।’ বেছলীয়ে আক্ষেআপ কৰে যে বিগত কিছু মাহ ধৰি সংবাদ মাধ্যমত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু কৰ’না ভাইৰাছৰ খবৰেই সৰ্বাধিক প্ৰচাৰ হৈছে । কিন্তু সমগ্ৰ বিশ্বই ক্ষুধাৰ স’তে সংগ্ৰাম কৰি থকাৰ কথা কোনেও কোৱা নাই । অথচ এই সংগ্ৰামৰ কথা কোৱাটোৱেই অতি জৰুৰী বুলি তেওঁ কয় ।

বেছলীয়ে কয়, ‘২০২০ত সমগ্ৰ বিশ্ব দুৰ্ভিক্ষৰ দুৱাৰডলিত থিয় হৈ আছিল । কিন্তু ৰাষ্ট্ৰনেতাসকলৰ মোটা অংকৰ টকাৰ নুদান, আৰ্থিক পেকেজ আৰু ঋণ দিয়াৰ প্ৰৱনতাৰ ফলত তাৰ পৰা ৰেহাই পোৱা গৈছে । এতিয়াই উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে ২০২১ত এই বিপদৰ পৰা হাত সাৰিব পৰা নাযাব ।’ ৱৰ্ল্ড ফুড প্ৰ’গ্ৰেমৰ কাৰ্যবাহী সঞ্চালকজনে লগতে আশংকা প্ৰকাশ কৰে যে নতুন বছৰত আৰু এক দফাৰ তলাবন্ধৰ পৰিস্থিতি হ’ব পাৰে ।

তেওঁ কয় যে কৰ’না মহামাৰীৰ দ্বিতীয়, তৃতীয় লহৰ ৰোধ কৰিবলৈ পুনৰ কিছু সংখ্যক দেশে তলাবন্ধ দিবলৈ বাধ্য হ’ব পাৰে । ইয়াৰ ফলত আৰ্থিক অৱস্থাৰ ব্যাপক ক্ষতিসাধন হ’ব । বিশেষকৈ নিম্ন আৰু মধ্যবিত্ত দেশসমূহত ইয়াৰ প্ৰভাৱ কৰিব পাৰে ।

Exit mobile version