নিৰ্দেশনা নৰজিলঃ মাজনিশালৈ ফুটিল সৰু-বৰ ফটকা

1600x960 172260 fire crackers

কৰ’নাৰ প্ৰকোপ হ্ৰাস পোৱাৰ ইাছত ৰাজ্যবাসীয়ে উদ্‌যাপন কৰা প্ৰথমটো উৎসৱ তথা দীপাৱলী ফটকা-আতচবাজী অবিহনে এইবাৰ কেৱল পোহৰেৰে উদ্‌যাপন কৰিবলৈ চৰকাৰী পক্ষৰ লগতে বিভিন্নজনে আহ্বান জনাইছিল যদিও ৰাজ্যৰ চৌদিশে মাজনিশালৈকে ফুটিল সৰু-বৰ ফটকা । বিশেষকৈ এই উৎসৱত ফটকা ফুটুৱাত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছিল যদিও নৰজিল চৰকাৰী নিৰ্দেশনা । উল্লেখ্য যে কৰ’নাৰ প্ৰকোপত দীপাৱলীৰ পূৰ্বৰ উৎসৱমুখৰ পৰিৱেশ কিছু সেমেকা যদিও ৰাজ্যৰ ইমুৰৰ পৰা সিমূৰলৈ উছাহ ম্লান পৰা নাই জনতাৰ ।

কিন্তু তাৰ মাজতে দীপাৱলীৰ প্ৰথম দিনটোত উৎসৱৰ বতৰৰ মাজতে ৰাজ্যত ৩২টা স্থানত ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হৈ সংঘটিত হ’ল অগ্নিকাণ্ডৰ ঘটনা । ইয়াৰ ভিতৰত কালি নিশা শিৱসাগৰৰ বেতবাৰীত সংঘটীত ভয়ংকৰ অগ্নিকাণ্ডত এজন লোক নিহত হোৱাৰ বিপৰীতে আন এজন গুৰুত্বৰভাৱে আহত হয় ।

সমান্তৰালভাৱে কালিৰ দিনটোত মহানগৰীৰ ছটা স্থানত, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এনাজৰী ল’জ , চিলাপথাৰৰ লাইপুলীয়া, ডিফুৰ মানজা বজাৰ আদিকে ধৰি মুঠ ৩২টা স্থানত অগ্নাকাণ্ড সংঘটিত হোৱাৰ তথ্য সদৰী কৰিছে অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগে ।

উল্লেখ্য যে এইসমূহ অগ্নিকাণ্ডৰ ফটকা-আতচবাজীৰ পৰা ওলোৱা ফিৰিঙতি নাইবা চাকিৰ পৰা সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ভিতৰত শিৱগাগৰত সংঘটিত অগ্নিকাণ্ডই অতিকৈ ভয়ংকৰ আছিল বুলি বিভাগে উল্লেখ কৰে । ইঈালে কালিৰ দিনটোত ৰাজধানী মহানগৰীৰ ছটা স্থানত ফটকাৰ ফলত অগ্নিকাণ্ড সংঘটিত হয় ।

এই অগ্নিকাণ্ডসমূহৰ ভিতৰত ফটাশিলৰ জি এছ কল’নিৰ এটা ঘৰত সূত্ৰপাত হোৱা অগ্নিকাণ্ড ভয়ংকৰ আছিল যদিও চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ অপ্ৰাণ চেষ্টাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । একেদৰে মাছখোৱাৰ তৰুণ ৰাম ফুকন পথত থকা এটা ডেম্পত, আঠগাঁৱৰ উৰণীয়া সেতুৰ তলত থকা জাবৰৰ দ’মত, বেলতলা লখিমী পথৰ খালী থাইত থকা জাবৰৰ দ’মত, কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ বাসভৱনৰ এজোপা গছত আৰু ৰিহাবাৰীৰ এটা ঘৰৰ ছাদৰ ওপৰত জমা কৰি ৰখা কাঠৰ দ’মত ফটকাৰ ফিৰিঙতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ।

Exit mobile version