বিহাৰৰ নিৰ্বাচনৰ পাছতে বিসম্বাদৰ সৃষ্টি হৈছে বিৰোধী মহাজোঁটবন্ধনত

WhatsApp Image 2020 11 16 at 12.03.28 PM

বিহাৰৰ নিৰ্বাচনৰ পাছত RJD ৰ জ্যেষ্ঠ নেতা শিৱানন্দ তিৱাৰীৰ এটা মন্তব্যই বিৰোধী মহাজোঁটবন্ধনত ফাঁট মেলাৰ উমান দিছে ৷ তিৱাৰীৰ অভিযোগ “কংগ্ৰেছে বিহাৰত অসম্পূৰ্ণ যুদ্ধ কৰিলে ৷”

শিৱানন্দ তিৱাৰীৰ মন্তব্য ” কংগ্ৰেছে মহাজোঁটবন্ধনক লৈ ডুবিল। তেওঁলোকে ৭০ জন প্ৰাৰ্থী লৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও ৭০ খন নিৰ্বাচনী প্ৰচাৰো নকৰিলে ।ৰাহুল গান্ধী কেৱল তিনিদিনৰ কাৰণে আহিছিল। প্ৰিয়ংকা গান্ধী নাহিলেই। এইয়া উচিত কথা নহয়। “

আনহাতে তিৱাৰীয়ে ২৪৩ খন আসনৰ ৭০ খন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰাৰ কাৰণে কংগ্ৰেছক দোষী সাব্যস্ত কৰে। উল্লেখ্য যে কংগ্ৰেছে কেৱল ১৯ খন আসনতহে জয় লাভ কৰিছে। আনহাতে RJD ৰ লাভ কৰে ৭৫ খন আসন ।

কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি তিৱাৰীয়ে কয় “এইয়া কেৱল বিহাৰতে নহয়। অন্যান্য ৰাজ্যতো কংগ্ৰেছে বৃহৎ সংখ্যক আসনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰে যদিও জয় লাভ কৰাত বিফল হয়। গতিকে কংগ্ৰেছে এইবাৰ ভাবি লাগে ।”

ৰাহুল গান্ধীক কটাক্ষ কৰি তিৱাৰীয়ে কয়” যিসময়ত বিহাৰত নিৰ্বাচনৰ উখল মাখল পৰিবেশ বিৰাজ কৰিছিল।সেই সময়ত ৰাহুল গান্ধী চিমলাত প্ৰিয়ংকা গান্ধীৰ ঘৰত পিকনিক খাই আছিল ৷গতিকে দল এনেদৰে নচলে৷যি ধৰণে কংগ্ৰেছ দলটো আগবঢ়াই নিছে। তাৰ কাৰণে লাভ হৈছে বিজেপিৰ ।

Exit mobile version